জন বিভ্ৰাত ✍ নিৰু দত্ত

কাতি চেঙা ৰ'দজাকে
পথাৰ সোণালী কৰিলে
কেঁচাই পকাই ধান কাটি
হৰিধনে মহাজনৰ ধাৰ সাধিলে

থলগিৰী পৰ্বতীয়া ভাই
মাটিৰ হক আমাৰ নাই
সীমা থেলি অফিচ পাতিছে
আমাৰ ৰখীয়া পিছুৱাই আহিছে

দৈয়াং ধনশিৰিৰ পলসুৱা বুকু ঢাকি
হাজাৰ বিজাৰ ফুলা সৰিয়হ
কেনেকৈ এৰি যায় চাপৰিৰ মোহ
গাখীৰতি খুটিৰ গৰু- মহ
ইকৰাৰ জলঙাৰে চেঁচা বতাহ
ফটা কেথাৰে নুমাই নাযায় বুকুৰ আতাহ

চাপৰিয়ে চাপৰিয়ে ৰাইজৰ মেল
আমাক নালাগে ডিজিটেল দেশ
এখন আঁঠুৱা দুখন কম্বল
সস্তীয়া চাউল, আলু পেটৰ সম্বল

নেতাই চকুৰে সৰিয়হ ফুল দেখিছে
মুখেৰে আবোল- তাবোল বকিছে
বতাহত শুনিছে
জিন্দাবাদ জিন্দাবাদ ৷