এনেদৰে তেওঁ মোক
এৰি থৈ যায় প্ৰতি ভৌতিক নিশাৰ
মৌন এন্ধাৰবোৰৰ মাজত ৷
বোবা বিষাদবোৰে
আগুৰি ধৰে
মোক আৰু মোৰ চৌপাশ,
কোঙা আৰ্তনাদবোৰে
জনম দিয়ে দুখৰ ৰাক্ষসৰ !
আৰু সি কামুৰি ধৰে
ৰাজপথৰ সমস্ত সুখ ৷
গছৰ ডালবোৰৰ পৰা
নামি আহে হালধীয়া পক্ষী,
এন্ধাৰৰ সুযোগ লৈ খুটি খুটি খাই
মোৰ তপত চকুলো !
ধূলিৰ তিব্ৰ ধুমুহাত চিৰাচিৰ হয়
জীৱনৰ সমূহ সেউজীয়া !
এনেদৰেই ক্ৰমে হেৰাই যাওঁ
মই মোৰ পৰা
তেওঁৰ গোপণ সুখত ৷
ঠিকনাঃ বালিকুছি, নলবাৰী।
এৰি থৈ যায় প্ৰতি ভৌতিক নিশাৰ
মৌন এন্ধাৰবোৰৰ মাজত ৷
বোবা বিষাদবোৰে
আগুৰি ধৰে
মোক আৰু মোৰ চৌপাশ,
কোঙা আৰ্তনাদবোৰে
জনম দিয়ে দুখৰ ৰাক্ষসৰ !
আৰু সি কামুৰি ধৰে
ৰাজপথৰ সমস্ত সুখ ৷
গছৰ ডালবোৰৰ পৰা
নামি আহে হালধীয়া পক্ষী,
এন্ধাৰৰ সুযোগ লৈ খুটি খুটি খাই
মোৰ তপত চকুলো !
ধূলিৰ তিব্ৰ ধুমুহাত চিৰাচিৰ হয়
জীৱনৰ সমূহ সেউজীয়া !
এনেদৰেই ক্ৰমে হেৰাই যাওঁ
মই মোৰ পৰা
তেওঁৰ গোপণ সুখত ৷
ঠিকনাঃ বালিকুছি, নলবাৰী।







