অান্ধাৰ নিশাবোৰত বাহিৰলৈ চাই
মাথো অপেক্ষাত ৰৈ'ছো তোমাৰ,
কিজানি তুমি এমুঠি পোহৰ বুকুত বান্ধি
জোনাকী পৰুৱা হৈ মোৰ কাষলৈ অাহা অাৰু সোধা…
"মই বিহিনতাত তুমি কুশলে অাছাতো ?"
উহঃ কিমান বিৰহৰ এই বিচ্ছেদ…
বাৰে বাৰে কন্দোৱাই যায় মাত্ৰ মোক
সেয়েহে হেৰাই যাব ধৰা স্মৃতিবোৰ
বুকুত সাবটি জীয়াই অাছো জানা মই
মাথো তোমাৰেই অপেক্ষাত ৷
সেই যে অামাৰ হাঁহিবোৰ…
কুলু- কুলু বৈ অহা অস্থিৰ নৈখনৰ বুকুত
বিলিন হৈ পৰিছিল,
কাষৰ গছ -বিৰিখবোৰেও লুকাই চুৰকৈ
উপভোগ কৰিছিল জানা অামাৰ অানন্দবোৰ …
কিমান যে সুখী অাছিলো…
মই অাৰু তুমি সেইদিনা অামি হৈছিলো ৷
কিন্তু অাজি মাত্ৰ মই ৰৈ গ'লো অকলে…
অাজি অাকৌ বুজিছো…
মোৰ অপেক্ষা অৰ্থহীন,
কেৱল অাজিয়েই নে ?
প্ৰতিটো দিন প্ৰতিটো সময়
প্ৰতিটো মুহূৰ্তত বুজো মই,
তুমি পুনৰ ওভতি নাহা কেতিয়াও নাহা
মোৰ লগত বহি হাঁহিবলৈ
হ'লেও যে
বুজাব নোৱাৰা অবুজন মনতোৱে
অপেক্ষা কৰি ৰয় ….
কেৱল তোমাৰ।
সেইদিনা যদি সেই অভিশপ্ত নিশাটো নহা হ'লে,
ঘন কুঁৱলীৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা,
তোমাৰ গাড়ীখনক তুমি যদি নিয়ন্ত্ৰণ কৰিব পাৰিলাহেঁতেন…
তেন্তে অাজি চোৱা..
তুমি অাৰু মই
অাকৌ অামি হৈ অামাৰ অপেক্ষাত
ৰৈ থকা সেই নৈখনৰ পাৰত বহি পুনৰ
এবাৰ মনখুলি হাঁহিব পাৰিলোহেঁতেন ৷
মাথো অপেক্ষাত ৰৈ'ছো তোমাৰ,
কিজানি তুমি এমুঠি পোহৰ বুকুত বান্ধি
জোনাকী পৰুৱা হৈ মোৰ কাষলৈ অাহা অাৰু সোধা…
"মই বিহিনতাত তুমি কুশলে অাছাতো ?"
উহঃ কিমান বিৰহৰ এই বিচ্ছেদ…
বাৰে বাৰে কন্দোৱাই যায় মাত্ৰ মোক
সেয়েহে হেৰাই যাব ধৰা স্মৃতিবোৰ
বুকুত সাবটি জীয়াই অাছো জানা মই
মাথো তোমাৰেই অপেক্ষাত ৷
সেই যে অামাৰ হাঁহিবোৰ…
কুলু- কুলু বৈ অহা অস্থিৰ নৈখনৰ বুকুত
বিলিন হৈ পৰিছিল,
কাষৰ গছ -বিৰিখবোৰেও লুকাই চুৰকৈ
উপভোগ কৰিছিল জানা অামাৰ অানন্দবোৰ …
কিমান যে সুখী অাছিলো…
মই অাৰু তুমি সেইদিনা অামি হৈছিলো ৷
কিন্তু অাজি মাত্ৰ মই ৰৈ গ'লো অকলে…
অাজি অাকৌ বুজিছো…
মোৰ অপেক্ষা অৰ্থহীন,
কেৱল অাজিয়েই নে ?
প্ৰতিটো দিন প্ৰতিটো সময়
প্ৰতিটো মুহূৰ্তত বুজো মই,
তুমি পুনৰ ওভতি নাহা কেতিয়াও নাহা
মোৰ লগত বহি হাঁহিবলৈ
হ'লেও যে
বুজাব নোৱাৰা অবুজন মনতোৱে
অপেক্ষা কৰি ৰয় ….
কেৱল তোমাৰ।
সেইদিনা যদি সেই অভিশপ্ত নিশাটো নহা হ'লে,
ঘন কুঁৱলীৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা,
তোমাৰ গাড়ীখনক তুমি যদি নিয়ন্ত্ৰণ কৰিব পাৰিলাহেঁতেন…
তেন্তে অাজি চোৱা..
তুমি অাৰু মই
অাকৌ অামি হৈ অামাৰ অপেক্ষাত
ৰৈ থকা সেই নৈখনৰ পাৰত বহি পুনৰ
এবাৰ মনখুলি হাঁহিব পাৰিলোহেঁতেন ৷







