ৰীতাৰ কবিতা প্ৰিয় বাবে বয়সৰ ব্যব্যৱধান নাৰাখি দুলীয়াজানৰ অমৃতদাক আপোন বুলি ভাবি বুকুৰ মাজত আঁকোৱালি লৈছিল । তথাপিও দেখোন নভবা কথাবোৰ ভাবিব লগা হৈছে । তেওঁ দেখোন নিজেই লিখি মোৰ নামত কবিতাবোৰ প্ৰকাশ কৰি গৌৰৱ অনুভৱ কৰে । মাহেকৰ দৰমহা পোৱাৰ লগে লগে বৰ হেঁপাহৰে মোৰ কাষলৈ আহে । অতীতৰ ৰক্তিমে বেয়া পোৱা কথাবোৰ এখেতে বৰ ভাল হৈছে কৈ সহযোগ কৰে । তেওঁ নিশা হ'লে বৰকৈ বুকুৰ বেদনাবোৰ ক'ব খোজে । সঁচাকৈয়ে অমৃতদা আৰু ৰক্তিমৰ মাজত আকাশ পাতলৰ পাৰ্থক্য আছে । ৰক্তিমে পোন প্ৰথমে পায়ও মোক সন্মান দিব নাজানিলে আৰু অমৃতদাই মোক লৈয়ে জীৱনৰ বহুত সপোন দেখে । নদীত নাৱৰীয়াই যিমান বঠা মাৰি আগুৱাই গ'লেও একো চিহ্ন ৰৈ নাযাওঁ ! হয়তো মোৰ অতীতৰ স্মৃতি কেৱল মোৰ নষ্টালজিয়া হৈ ৰ'ব ! জীৱনৰ কেৰুণ কেনেকৈ লাগে হয়তো ভাবি অন্ত পোৱা নাযায় । অইলৰ চাকৰি কৰা ভাবি স্বামীৰ কথা ভাবিলে মনটো বৰ লাজ লাজ লাগে । কেতিয়াবা মাজনিশা সাৰপাই আচৰিত হওঁ, তেওঁ যেন বিবাহ পাশত আৱদ্ধ হ'লেও, সকলোবোৰ সুখ বিচাৰি নেপালে আৰু এতিয়া মোৰ পৰা স্বৰ্গ সুখ পোৱাৰ কথা বাৰে বাৰে উনুকিয়াই । প্ৰায় মনত এটা চিন্তা আহি থাকে, মোৰ সুখৰ কাৰণে যদি তেওঁৰ সংসাৰখন ভাঙি যায়, সমাজে গোটেই জীৱন মোকে দুখী কাঠগঢ়াত থিয় কৰাবলৈ চেষ্টা কৰিব ! উহঃ নাই নোৱাৰি এনে এটি কলংকিত জীৱনলৈ জীয়াই থাকিবলৈ । তাতোকৈ মোৰ মৃত্যুয়ে শ্ৰেয় !
আজি মায়ে ভেদাই লতাৰ লগত মাগুৰ মাছৰ জোল বনাইছে, লগতে নিজৰ বাৰীৰ জালুক দি । সেইবাবে দেউতাই অমৃতাদাক মাতিবলৈ কৈছে । অমৃত এজন বৰ ভদ্ৰ মানুহ হয় বুলি কৈ গুণ বখানিছে আৰু প্ৰতিটো বিপদত সহায় কৰাৰ উপৰিও মোক এটা চাকৰি যোগাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কৈ শলাগী আছে । কোনে কালে এজন দেউতাকে নিজৰ ছোৱালীজনীক এজন বিবাহিত পুৰুষৰ হাতত গতাই দিবলৈ ইচ্ছা নকৰে । যদি তাইৰ অবৈধ সম্বন্ধৰ কথাবোৰ গম পাই, দেউতা হয়তো আৰু জীয়াই নাথাকিব ! মনৰ ভিতৰতে ভুলবোৰ শুধৰনি হয়, আন কোনেও নজনাকৈ ! তথাপিও আশাৰে বাট চাই ৰওঁ, আন্ধাৰৰ পিছত পোহৰ আহিব ।
আঁতৰি আঁতৰি
নোৱাৰি থাকিব
প্ৰতিটো উশাহত
তুমি মোৰ
অতিকৈ আপোন ! ( আগলৈ )