আঘোণ মাহ ৷ এই মাহত গাৱঁৰ পৰিৱেশটো সোণোৱালী হৈ পৰিছে ৷ কৃষক বন্ধুসকল আনন্দত আত্মহাৰা হৈছে ৷ সোণগুটিয়ে ভৰা পথাৰত দাৱনী সকলে হাতত কাঁচি লৈ ধান কাটিছে আৰু কৃষকসকলে সেই ধান চপাই ঘৰলৈ আনিছে ৷ কেৱল অানন্দ আৰু আনন্দ ৷
আঘোণ মাহতেই ধান চপোৱাৰ শেষত কিছু অঞ্চলত অতীতৰ পৰম্পৰাৰে সকলো মিলি ন' চাউলেৰে ন' খোৱা পৰ্ব পাতিছে আৰু কিছু অঞ্চলত কিছু লোকে নিজ নিজ ঘৰত নিজৰ পন্থাৰে ন' খাইছে ৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে বৰ্তমান ন' খোৱা পৰ্বটো কিছু পৰিৱৰ্তন ঘটিছে বুলি ক'ব পাৰি ৷ শুনা আৰু দেখা মতে অতীতৰত ন'- খোৱা পৰ্ব হ'লে গাৱঁৰ সকলোৱে মিলি নাম কীৰ্তন গাই অানন্দৰে ন'- খোৱা পৰ্ব পাতিছিল কিন্তু বৰ্তমানত ওচৰ চুবুৰীয়া মাজত একতা নথকা হেতুকে নিজ নিজ ঘৰতেই ন' খোৱা পাতি ন' খোৱা যি পৰম্পৰা সেই পৰম্পৰা পালন কৰিছে বুলি ক'ব পাৰি ৷
বৰ্তমান আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগ ৷ শেষত সকলোৱে আধুনিক প্ৰযুক্তি মাজেৰে নতুনত্ব উপৰিও অতীতৰ কিছু পৰম্পৰাগত নিয়ম সমাজত বৰ্তাই ৰখাৰ স্বাৰ্থত নীতি নিয়ম সমূহ পালন কৰি এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াত সহায় কৰিব বুলি আশা কৰিলো ৷