আঘোণ ✍ তৃষ্ণা বৰা

আজি সোণৰ চপৰা খহি পৰিছিল
পথাৰৰ বুকুত
কাতিমহীয়া ৰ'দৰ চমকে
দাৱনী কেইজনীৰ নেঘেৰিত
বিজুলী চমকাইছিল

মুঠি মুঠি
হাতত সোণগুটি ভৰি পৰিছিল
আঘোণ অহাৰ আগজাননীয়ে
বুকুৰ বিষবোৰ কমাই তুলিছিল !!

ঠিকনাঃ ধিং
যোগাযোগঃ ৮৩৯৯৮১০৫৯৩