হে মানৱতাৰ পূজাৰী
যুগৰ নায়ক
শত সহস্ৰ বুভুক্ষু শ্ৰমিকৰ
বিজয়ী ৰুদ্ৰমালা পিন্ধি
কৰিব লাগিব এদিন ৰক্তপাত
উৰাব লাগিব জাতীয় নিচান
নাঙলৰ সীৰলুত দেহৰ সমস্ত
শক্তিৰে গঢ়িব লাগিব নতুন সমাজ
গাব লাগিব মানৱতাৰ গান
পিন্ধিব লাগিব বিপ্লৱী পোচাক
আৰু তেজেৰে লিখিব লাগিব
"দেশ বুলিলে নালাগে আদেশ"
মহা ভৈৰৱ মন্তৰে ধৰণীৰ বক্ষত
খুদিত কৰিব লাগিব
মাতৃভূমিৰ নাম
মুষ্টিবদ্ধ হাতেৰে আজুৰি
আনিব লাগিব দেশৰ স্বাধীনতা
নালাগে আমাক ভুৱা আস্ফালন ভুৱা বিজ্ঞাপন
বলি শালত জ্ঞাতীৰ তেজ
পশ্চিমীয়া পুঁজিবাদৰ জালত
বন্দী হয় জীৱন্ত আশা
ধ্বংস হয় অঙ্কুৰিত বীজ
য'ত জীৱনেওঁ সংজ্ঞা হেৰুৱাই
বতাৰ গতিত বৃক্ষও জিৰণি ল'য়
ওঁঠৰ ভাষাত থমকি ৰয়
গীতৰ কলি
আঃ নুশুনো আৰু হিয়াভঙা কান্দোন
ভোকাতুৰৰ আৰ্তনাদ
হে নতুন পুৰুষ
ওলাই আহা জাগ্ৰত প্ৰহৰী হৈ
তোমাৰ হাতত প্ৰাণ পাই উঠক
কাৰোবাৰ মহৎ প্ৰেৰণা
অনলত জাগক বাসন্তীৰ প্ৰেম
অনুভৱ পথাৰত
দুহাত মেলি সিঁচি দিয়া
মুঠি মুঠি কঠিয়া
এদিন সোণালী হোৱাৰ আশা৷
ঠিকনাঃ শিৱসাগৰ
যুগৰ নায়ক
শত সহস্ৰ বুভুক্ষু শ্ৰমিকৰ
বিজয়ী ৰুদ্ৰমালা পিন্ধি
কৰিব লাগিব এদিন ৰক্তপাত
উৰাব লাগিব জাতীয় নিচান
নাঙলৰ সীৰলুত দেহৰ সমস্ত
শক্তিৰে গঢ়িব লাগিব নতুন সমাজ
গাব লাগিব মানৱতাৰ গান
পিন্ধিব লাগিব বিপ্লৱী পোচাক
আৰু তেজেৰে লিখিব লাগিব
"দেশ বুলিলে নালাগে আদেশ"
মহা ভৈৰৱ মন্তৰে ধৰণীৰ বক্ষত
খুদিত কৰিব লাগিব
মাতৃভূমিৰ নাম
মুষ্টিবদ্ধ হাতেৰে আজুৰি
আনিব লাগিব দেশৰ স্বাধীনতা
নালাগে আমাক ভুৱা আস্ফালন ভুৱা বিজ্ঞাপন
বলি শালত জ্ঞাতীৰ তেজ
পশ্চিমীয়া পুঁজিবাদৰ জালত
বন্দী হয় জীৱন্ত আশা
ধ্বংস হয় অঙ্কুৰিত বীজ
য'ত জীৱনেওঁ সংজ্ঞা হেৰুৱাই
বতাৰ গতিত বৃক্ষও জিৰণি ল'য়
ওঁঠৰ ভাষাত থমকি ৰয়
গীতৰ কলি
আঃ নুশুনো আৰু হিয়াভঙা কান্দোন
ভোকাতুৰৰ আৰ্তনাদ
হে নতুন পুৰুষ
ওলাই আহা জাগ্ৰত প্ৰহৰী হৈ
তোমাৰ হাতত প্ৰাণ পাই উঠক
কাৰোবাৰ মহৎ প্ৰেৰণা
অনলত জাগক বাসন্তীৰ প্ৰেম
অনুভৱ পথাৰত
দুহাত মেলি সিঁচি দিয়া
মুঠি মুঠি কঠিয়া
এদিন সোণালী হোৱাৰ আশা৷
ঠিকনাঃ শিৱসাগৰ







