তুমি ✍ ৰমেন চাংমাই

মই আৰু তুমি
তুমি আৰু মই
তোমাৰ অবিহনে মই
নোৱাৰো থাকিব,
তুমিয়েই এদিন কৈছিলা
সপোনৰ এখন ঘৰ
য'ত থাকিব জোন -জোনালী
জোনাক নিশাৰ তৰালি
পলাশৰ ৰং
আৰু,
সোণাৰুৰ হালধীয়া হাঁহি ৷
গোলাপ, তগৰ, শেৱালি
খৰিকাজাই, নয়নতৰা, বকুল
ফুলবোৰ আজি মৰহি গ'ল
শেঁতা পৰি গ'ল
পলাশৰ ৰং,
নাই আজি
সোণাৰুৰ হালধীয়া হাঁহি
কিয় জানানে বাৰু তুমি ?
কাৰণ ,
তুমি নাই মোৰ কাষত
আঁতৰি গ'লা বহু দূৰলৈ
চিৰ দিনৰ বাবে
এপাহি মৰহা ফুল হৈ ৷

মোঃ ৭৩৯৯৯০৪৯৯০