- তোক এটা কবিতাৰ কথা ক'ম ৷
- কি কবিতা ?
- প্ৰেমৰ কবিতা ৷
- কি প্ৰেম ?
- শালিকী প্ৰেম ৷
- কি শালিকী ?
- যুৰীয়া শালিকী ৷
- কি যুৰীয়া ?
- গাওঁ জুৰীয়া ৷
- কি গাওঁ ?
- ধনী গাওঁ ৷
- কি ধনী ?
- সোমাবৰ বাট- পথ একোকে নমনি ৷
- তোক এজনী ছোৱালীৰ কথা ক'ম ৷
- কি ছোৱালী ?
- গাভৰু ছোৱালী ৷
- কি গাভৰু ?
- নৈ গাভৰু ৷
- কি নৈ ?
- ন' নৈ ৷
- কি ন' ?
- দন্ত্য ন' ৷
- কি দন্ত্য ?
- প্ৰগলভ প্ৰেমৰ নাই অন্ত ৷
- তোক এটা ল'ৰাৰ কথা ক'ম ৷
- কি ল'ৰা ?
- কণল'ৰা ৷
- কি কণ ?
- তামোলৰ কণ ৷
- কি তামোল ?
- মোমাই তামোল ৷
- কি মোমাই ?
- তামুলী মোমাই ৷
- কি তামুলী ?'
- যাৰ বাৰীত পৰিলহি প্ৰেমৰ বুলবুলি ৷
- তোক আকৌ কবিতাৰ কথা ক'ম ৷
- কি কবিতা ?
- গাভৰু- কণল'ৰাৰ কবিতা ৷
- কি গাভৰু- কণল'ৰা ?
- ফাগুনৰ এৰাল ছিগিবলৈ লৱা-ঢপৰা ৷
- হাৰিলি হাৰিলি ৷
- চ'তে গচকা গধূলি
- ব'হাগ পালেহি পদূলি ৷
- এই খেলটো সামৰ ৷
- প্ৰেমত লাগিল মামৰ ৷
- এহ, এই খেলটো সামৰ ৷
- বুকুত দুঃখৰ সাগৰ ৷
- মই তেনে যাওঁ........
(লুকাই লুকাই তোৰ বুকুলৈকে চাওঁ.....)
ঠিকনাঃ উত্তৰ পেটবঢ়া,
নগাঁও (অসম)
দূৰভাষঃ ৮৮৭৬৯৪৬৫৭৬
ই- মেইলঃ modarjyoti@gmail.com
- কি কবিতা ?
- প্ৰেমৰ কবিতা ৷
- কি প্ৰেম ?
- শালিকী প্ৰেম ৷
- কি শালিকী ?
- যুৰীয়া শালিকী ৷
- কি যুৰীয়া ?
- গাওঁ জুৰীয়া ৷
- কি গাওঁ ?
- ধনী গাওঁ ৷
- কি ধনী ?
- সোমাবৰ বাট- পথ একোকে নমনি ৷
- তোক এজনী ছোৱালীৰ কথা ক'ম ৷
- কি ছোৱালী ?
- গাভৰু ছোৱালী ৷
- কি গাভৰু ?
- নৈ গাভৰু ৷
- কি নৈ ?
- ন' নৈ ৷
- কি ন' ?
- দন্ত্য ন' ৷
- কি দন্ত্য ?
- প্ৰগলভ প্ৰেমৰ নাই অন্ত ৷
- তোক এটা ল'ৰাৰ কথা ক'ম ৷
- কি ল'ৰা ?
- কণল'ৰা ৷
- কি কণ ?
- তামোলৰ কণ ৷
- কি তামোল ?
- মোমাই তামোল ৷
- কি মোমাই ?
- তামুলী মোমাই ৷
- কি তামুলী ?'
- যাৰ বাৰীত পৰিলহি প্ৰেমৰ বুলবুলি ৷
- তোক আকৌ কবিতাৰ কথা ক'ম ৷
- কি কবিতা ?
- গাভৰু- কণল'ৰাৰ কবিতা ৷
- কি গাভৰু- কণল'ৰা ?
- ফাগুনৰ এৰাল ছিগিবলৈ লৱা-ঢপৰা ৷
- হাৰিলি হাৰিলি ৷
- চ'তে গচকা গধূলি
- ব'হাগ পালেহি পদূলি ৷
- এই খেলটো সামৰ ৷
- প্ৰেমত লাগিল মামৰ ৷
- এহ, এই খেলটো সামৰ ৷
- বুকুত দুঃখৰ সাগৰ ৷
- মই তেনে যাওঁ........
(লুকাই লুকাই তোৰ বুকুলৈকে চাওঁ.....)
ঠিকনাঃ উত্তৰ পেটবঢ়া,
নগাঁও (অসম)
দূৰভাষঃ ৮৮৭৬৯৪৬৫৭৬
ই- মেইলঃ modarjyoti@gmail.com







