এই যে মিলনৰ কোঁহ ভাঙি
বিষাদৰ ডাৱৰ আনি চপালাহি বুকুত
(কম বুলি ভাবি থকা কথাবোৰ
কোৱা নহ'ল কোনোদিন তোমাক )
এজাক বৰষুণত হৃদয়খন জুৰুলি-জুপুৰিকৈ তিতে
তুঁহ জুইৰ দৰে তোমাৰ প্ৰতিচ্ছবি অন্তৰত
উমি উমি জ্বলে
ভালপোৱাৰ এমুঠি আবিৰে
আমনি কৰেহি প্ৰতিটো নিসংগতাক ৷
ঠিকনাঃ পানীতোলা ৷
বিষাদৰ ডাৱৰ আনি চপালাহি বুকুত
(কম বুলি ভাবি থকা কথাবোৰ
কোৱা নহ'ল কোনোদিন তোমাক )
এজাক বৰষুণত হৃদয়খন জুৰুলি-জুপুৰিকৈ তিতে
তুঁহ জুইৰ দৰে তোমাৰ প্ৰতিচ্ছবি অন্তৰত
উমি উমি জ্বলে
ভালপোৱাৰ এমুঠি আবিৰে
আমনি কৰেহি প্ৰতিটো নিসংগতাক ৷
ঠিকনাঃ পানীতোলা ৷







