তোমাৰ অভিমানে নোৱাৰিব
কক্ষচ্যুত কৰিব !
হেঁপাহবোৰ সাঁচি ৰাখিম
এই জঠৰ হৃদয়ত।
জীৱনটোৱে গতি সলাব এদিন
আৰু মই ?
নাই এই প্ৰশ্নবোধকটোৰ সমাধান নাই
নাথাকিব নীলা আকাশ, বলিয়া বতাহ…
মই অন্ধ হৈ পৰিছো দিনক দিনে,
ফাগুনে বৰদৈচিলা আনিব,
তোমাৰ চহৰত ধাৰাষাৰে বৃষ্টি নামিব !
কৃষ্ণচূড়াই ৰঙা পোছাকযোৰ পৰিধান কৰিব।
মই.....
একে থাকিম বোধহয়।
শূন্য……এটা বিৰাট শূন্য।
ঠিকনাঃ উত্তৰ লখিমপুৰ মহাবিদ্যালয়
স্নাতক তৃতীয় ষান্মাষিক
কক্ষচ্যুত কৰিব !
হেঁপাহবোৰ সাঁচি ৰাখিম
এই জঠৰ হৃদয়ত।
জীৱনটোৱে গতি সলাব এদিন
আৰু মই ?
নাই এই প্ৰশ্নবোধকটোৰ সমাধান নাই
নাথাকিব নীলা আকাশ, বলিয়া বতাহ…
মই অন্ধ হৈ পৰিছো দিনক দিনে,
ফাগুনে বৰদৈচিলা আনিব,
তোমাৰ চহৰত ধাৰাষাৰে বৃষ্টি নামিব !
কৃষ্ণচূড়াই ৰঙা পোছাকযোৰ পৰিধান কৰিব।
মই.....
একে থাকিম বোধহয়।
শূন্য……এটা বিৰাট শূন্য।
ঠিকনাঃ উত্তৰ লখিমপুৰ মহাবিদ্যালয়
স্নাতক তৃতীয় ষান্মাষিক







