মানৱতাৰ বজাৰত কাৰ চাহিদা বেছি ? ✍ দিব্যা জ্যোতি বৰুৱা

অপেক্ষা মানেতো হতাশা
এৰা মানুহবোৰ বাদ দিয়া…
মানৱতাৰ সন্ধানত যুগ যুগ জীয়াই থাকা…
আশাক আঁচলত বান্ধি…
সময়কলৈ আক্ষেপ নক’ৰ
মানুহক লৈ কিহৰ আশা…
কোনোবা গৈ আছে 
তাৰ কাৰণ কোনোবা আহি আছে…
পৰুৱাৰ দৰে সময়…
পৰুৱাৰ দৰে মানুহ…
যাক লৈ আশা কৰা তেওঁৱে পানী হ'ব 
আশা বৰফৰ দৰে উষ্ম বিশ্বাসত গলি গলি
পানী হৈ সৰে…
মানুহক মানুহ লাগে সময় নাযায় বাবে
মানুহক সংগী লাগে সুখভোগৰ  বাবে…
ভালপোৱাবোৰ নিসন্দেহে এদিন 
গাখীৰ খোৱা সাপ হ'ব…
আঁতৰত ৰোৱা 
ভালপোৱাৰ স্থান ৰিক্তত ৰাখা…
এদিন ভালপোৱা হয়তো আমনি হ'ব
নইবা হেৰাই যাব…
কাৰ ভালপোৱাৰ অস্তিত্ব বিচাৰি 
আত্ম অস্তিত্ব ছিতাত জ্বলাবা ? 
সেই সোঁৱৰণীত ছাগে কাৰোবাৰ মুখেৰে 
মুকুতাই সৰে…! 
নসৰে চকুপানী বিনাকাৰণত…
নপৰে কাৰো মনত 
বিনাকাৰণত…
মানৱতা নহয় স্বাৰ্থপৰতাৰ চাহিদা বেছি 
আহচোন বেপাৰ খন ভালেই চলিব
আৱেগিকতাৰ সাপ্তাহিক বজাৰখনত 
চেনী সানি সানি মানৱতা বিকিম ব’ল
অনুভৱবোৰ বাদ দিয়া মানুহবোৰ যান্ত্ৰিক এতিয়া
স্মৃতিবোৰ ফটোত হে থাকে 
আসঃ দিয়াচলাই এটা তেনেই সস্তাতে পায় ৷

ঠিকনাঃ সৃজনগ্ৰাম 
দূৰভাষঃ ৯৫৭৭১৫২২০৭