কিয় নকৰা প্ৰকৃতিৰ বিৰূদ্ধে বিদ্ৰোহ…… ? (ধনটি শইকীয়া)

পুৱাৰ শুভ্ৰতাক…
আজুৰি আনিব পাৰিবা ?
হয়তো কেতিয়াও নোৱাৰা…
নোৱাৰা তুমি নিৰ্জনতাক খেদি মৌনতাৰ ওৰণি ল'ব…
মলয়া হৈ অহা
শীতল বতাহজাকে
গা শাত নেপেলাই
যেতিয়া কাষৰত নাথাকে মৰমৰ সেউজীয়া……!

সেউজীয়া মানেই তৃপ্তি
সেঊজীয়া মানেই পৰিপূৰ্ণতা
সেউজীয়া মানে জীয়াই থকাৰ বাসনা ৷
সেউজীয়া মানেই আন্ধাৰ কেৱল ক'লা……

তাৰেই প্ৰমান নীল আকাশৰ তলত লেপেট খাই থকা সেউজীয়া গাখীয়তি চেহেৰা…

সেয়েহে আঘোনৰ পথাৰ আজি কেৱল বোকা…
খেতিয়কৰ উমাল বুকু আজি কঙাল…!
বিৰিয়াত নুঠে বছৰৰ পৰিপূৰ্ণ ভড়াল…।

নীল আকাশত ওপঙি থকা ধুলিকনা বোৰ
এক নমুনা
যাৰ বাহুত ধৰি উপঙি থাকে আৰু হেৰুৱাই মৰমৰ সেউজীয়া
ধ্বংস কৰে আশা আৰু কামনা… ৷

কাৰ দোষত আজি বলীয়া হ'ল প্ৰকৃতিৰ চেহেৰা…
কাৰ দোষত শৰতটো ধুমুহা হ'ল
শৰততো হ'ল বানপানী !
পানীৰে উপচাই ধ্বংস কৰে ক'ত নিৰীহৰ প্ৰাণ ।

কাৰ দোষত…
কোনে দিব কৈফিয়দ…
ক'ত গ'ল সচেতন জনগনৰ মুখৰ মাত…
সকলো দেখোন নিমাত !
কৰিবনে প্ৰকৃতিৰ বিদ্ৰোহ ?

আমি বিদ্ৰোহ কৰিব লাগিব ৷
খোৱা কামোৰা নহয়…

আমি কৰিব লাগিব প্ৰকৃতিৰ বিৰূদ্ধে বিদ্ৰোহ !
নহ'লে কৰিব লাগিব সংৰক্ষণ
প্ৰকৃতিৰ সেউজীয়া বোৰ
কোনে দিব ইয়াৰ সমিধা
হয়তো কোনেও নিদিয়ে
কাৰণ ইয়াত অংকৰ কথা নাহে !

ইয়াত আহে সমাজৰ কথা মানৱ জাতিৰ কথা…
সেয়েহে আমি নিজেই সচেতন হওঁ
নিজেই আগবাঢ়ো
নিজৰ লগতে সমাজ আৰু মানৱ জাতিক বচাওঁ
চাৰিওফালে হওক কেৱল সেউজীয়া
লাভ কৰো জীয়াই থকাৰ আনন্দ আৰু মধুৰতা ।

আহক আমি সংৰক্ষন কৰো মৰমৰ সেউজীয়া…।।