তুমি কোৱা কথাবোৰ আখৰে আখৰে
খোদিত কৰিম দুহাত মোৰ হাতুৰী এতিয়া
বৰ আচহুৱা কিছু স্বপ্ন কিছু বাৰ্তা…
বৰ উচ্ছৃংখল কিছু আৱেগ কিছু মাদকতা
তথাপি আন্ধাৰৰ বুকুত চকামকা পোহৰ
চোলাত আঁকি মই
ডিস্ক নাচিব যোৱা নাই মা,
দুখবোৰক আকোঁৱালি হুমুনিয়াহো পিন্ধা নাই
জানা মা…
বৰজন বিক্ৰেতাৰ শাৰীত মই এতিয়া
ক্ৰয় কৰিম মাথোন তোমাৰ সপোন ৷
বিক্ৰী মই নিজক কৰা নাই মা…
বিক্ৰী মই তেজো কৰা নাই…
হাত বিকিছো মা বুকুৰ বেদনা বিলাইছো
তেনেকৈয়ে অ' মা
বেদনাবোৰ কাগজত বিক্ৰী কৰি কৰি দিওঁ
বাকী নাৰাখো,
গ্ৰাহকে বৰ ৱাহ ৱাহ শলাগ লয়,
দুখবোৰ মই ক’ত পাওঁ সেই উৎসৰ
সন্ধান বিচাৰে…
মা তেওঁলোক হেনো কবি হ'ব বিচাৰে
দুখৰ দুমুঠি চকুপানীৰ সৈ'তে গিলিব বিচাৰে
মই কি উজাৰি দিম মা ?
তেওঁলোক মোৰ নিচিনা হ'ব বিচাৰে…
তেওঁলোক স্বাৰ্থপৰ হবই নোৱাৰে…
মই নোৱাৰো সত্যৰ ঢিমিঢিমি পোহৰক
ফুঁ মাৰি নুমুৱাব…মা
তেওঁলোকৰ প্ৰশ্নও এক ৰহস্য হৈ থাকক
মই হাত বিক্ৰী কৰোঁ মা…
দুখৰ অস্পষ্ট অকথ্য
আস্ফালন কাগজৰ বুকুত তেজেৰে
তাজমহল আঁকো মই…
মা তোমাক অনুৰোধ
যি আনে নাজানে
সেয়া অকল তুমি জানা,
সেয়ে মই যিখন কাগজৰ বুকুত
দুখৰ দুহাত বুকুৰ এফাল
তেজৰ সৈ'তে হাঁহি হাঁহি বিক্ৰী কৰো
সেই কাগজখিলা ভুলতো নুখুলিবা মা…
নহ’লে উৱলি যাব তোমাৰ দুওঁঠ…
আৰু জ্ঞাত কথাৰ অমূৰ্ত সোঁৱৰণ…
ভুলতো নুখুলিবা মা…
মই বিক্ৰী কৰা…অকথ্যৰ এপিটাফ…
ঠিকনাঃ বঙাইগাওঁ
ফোনঃ ৯৫৭৭১৫২২০৭
খোদিত কৰিম দুহাত মোৰ হাতুৰী এতিয়া
বৰ আচহুৱা কিছু স্বপ্ন কিছু বাৰ্তা…
বৰ উচ্ছৃংখল কিছু আৱেগ কিছু মাদকতা
তথাপি আন্ধাৰৰ বুকুত চকামকা পোহৰ
চোলাত আঁকি মই
ডিস্ক নাচিব যোৱা নাই মা,
দুখবোৰক আকোঁৱালি হুমুনিয়াহো পিন্ধা নাই
জানা মা…
বৰজন বিক্ৰেতাৰ শাৰীত মই এতিয়া
ক্ৰয় কৰিম মাথোন তোমাৰ সপোন ৷
বিক্ৰী মই নিজক কৰা নাই মা…
বিক্ৰী মই তেজো কৰা নাই…
হাত বিকিছো মা বুকুৰ বেদনা বিলাইছো
তেনেকৈয়ে অ' মা
বেদনাবোৰ কাগজত বিক্ৰী কৰি কৰি দিওঁ
বাকী নাৰাখো,
গ্ৰাহকে বৰ ৱাহ ৱাহ শলাগ লয়,
দুখবোৰ মই ক’ত পাওঁ সেই উৎসৰ
সন্ধান বিচাৰে…
মা তেওঁলোক হেনো কবি হ'ব বিচাৰে
দুখৰ দুমুঠি চকুপানীৰ সৈ'তে গিলিব বিচাৰে
মই কি উজাৰি দিম মা ?
তেওঁলোক মোৰ নিচিনা হ'ব বিচাৰে…
তেওঁলোক স্বাৰ্থপৰ হবই নোৱাৰে…
মই নোৱাৰো সত্যৰ ঢিমিঢিমি পোহৰক
ফুঁ মাৰি নুমুৱাব…মা
তেওঁলোকৰ প্ৰশ্নও এক ৰহস্য হৈ থাকক
মই হাত বিক্ৰী কৰোঁ মা…
দুখৰ অস্পষ্ট অকথ্য
আস্ফালন কাগজৰ বুকুত তেজেৰে
তাজমহল আঁকো মই…
মা তোমাক অনুৰোধ
যি আনে নাজানে
সেয়া অকল তুমি জানা,
সেয়ে মই যিখন কাগজৰ বুকুত
দুখৰ দুহাত বুকুৰ এফাল
তেজৰ সৈ'তে হাঁহি হাঁহি বিক্ৰী কৰো
সেই কাগজখিলা ভুলতো নুখুলিবা মা…
নহ’লে উৱলি যাব তোমাৰ দুওঁঠ…
আৰু জ্ঞাত কথাৰ অমূৰ্ত সোঁৱৰণ…
ভুলতো নুখুলিবা মা…
মই বিক্ৰী কৰা…অকথ্যৰ এপিটাফ…
ঠিকনাঃ বঙাইগাওঁ
ফোনঃ ৯৫৭৭১৫২২০৭







