লিমাৰিক (আনন্দ কুমাৰ নাথ)

(এক)
এবছৰতে এ চি এচ পালে সাতবাৰত স্নাতক
আঢ়ৈটকীয়া মন্ত্ৰীৰ পুত্ৰ ৰাজৰ্ষি প্ৰজ্ঞাৰ সাধক ৷
কোনে নক'ব 'জিনিয়াচ' বুলি
বাঢ়ক আয়ুস চিগিছো চুলি,
ৰঙাঘৰত কুশলে থাকক সদায় ৰাইজৰ সেৱক

(দুই)
বিধিয়ে কৰিলে বিড়ম্বনা ৰঙাঘৰলৈ ল'লে বাট
হাকিম হোৱাৰ নিশাৰ সপোন পুৱাই হ'ল নস্যাৎ৷
ধন দি কিনিলে চাকৰি
কপাল গুছি হ'ল বাকৰি,
কংসৰ পোতাশালৰ আলহী এতিয়া হৰিল মাত ৷