অসমীয়া ভাষাৰ ৰূপভেদ (যদুমনি গগৈ)

(সংক্ষিপ্ত ৰূপত)

ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত ৰাজ্য হ'ল অসম ।অসমীয়া হ'ল অসম ৰাজ্যৰ প্ৰধান ভাষা। অসমত বড়ো, কাৰ্বি, ডিমাচা, মিচিং, তিৱা আদি বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে। তেওঁলোক প্ৰত্যেকৰে নিজা নিজা ভাষা আছে যদিও এটাই আনটোৰ লগত যোগাযোগৰ ক্ষেত্ৰত অসমীয়া ভাষাকে ব্যৱহাৰ কৰে । একেটা ভূ- খণ্ডতে প্ৰচলিত হ'লেও এই একেটা অসমীয়া ভাষাৰে ভৌগোলিক বা আঞ্চলিক, নৃগোষ্ঠীয়, সংযোগী আৰু প্ৰয়োগ ক্ষেত্ৰভেদে সুকীয়া সুকীয়া ৰূপ পৰিলক্ষিত হয়। উল্লিখিত কাৰক সমূহৰ প্ৰভাৱত অসমীয়া ভাষাই ধ্বনিগত, শব্দগত, বাক্যগত আদি দিশত পৃথক পৃথক ৰূপ লাভ কৰিছে ৷ অসমীয়া ভাষাৰ ৰূপভেদ বিচাৰ কৰিলে মূলতঃ তিনিধৰণৰ ৰূপভেদ পোৱা যায়-
১) আঞ্চলিক ৰূপভেদ
২) নৃগোষ্ঠীয় ৰূপভেদ
৩) সংযোগী ৰূপভেদ
আঞ্চলিক ৰূপভেদঃ
অসমীয়া ভাষাটোলৈ লক্ষ্য কৰিলে দেখা যায় যে শদিয়াৰ পৰা ধুবুৰী পৰ্য্যন্ত এই বৃহৎ ভূ- খণ্ডত মান্য অসমীয়া ভাষাটোৰ ৰূপ একে থাকিলেও বিভিন্ন অঞ্চল বিশেষে ই ভিন্ন ৰূপ লাভ কৰে ৷ এনেধৰণৰ ভাষিক ভিন্নতাৰ প্ৰতি লক্ষ্য কৰিয়েই ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাটোক দুটা বহল ভাগত ভাগ কৰিছে- পূব অসমৰ অসমীয়া আৰু পশ্চিম অসমৰ অসমীয়া ৷ পূব অসমৰ অসমীয়া ভাষাই শিৱসাগৰ কেন্দ্ৰিক উজনি অসমৰ অসমীয়া ভাষাটোক বুজাইছে । পশ্চিম অসমৰ অসমীয়া ভাষাটোক তেওঁ পুনৰ দুটা বহল ভাগত ভাগ কৰিছে- কামৰূপী উপভাষা আৰু গোৱাল পৰীয়া উপভাষা ৷

ভাষাগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কামৰূপী উপভাষাক আকৌ পাঁচটা অঞ্চলত ভাগ কৰিব পাৰি-

১) বৰপেটা কেন্দ্ৰিক পশ্চিম অঞ্চল।
২) নলবাৰী কেন্দ্ৰিক মধ্য অঞ্চল।
৩) বাইহাটা চাৰিআলি কেন্দ্ৰিক উত্তৰ- পূব অঞ্চল।
৪) পলাশবাৰী, ছয়গাওঁ, বকো কেন্দ্ৰিক দক্ষিণ অঞ্চল।
৫) সোণাপুৰ, ক্ষেত্ৰী কেন্দ্ৰিক দক্ষিণ- পূব অঞ্চল ৷
ওপৰত উল্লেখিত এই ভৌগোলিক এলেকা সমূহৰ ঔপভাষিক ৰূপ বোৰক যথাক্ৰমে বৰপেটীয়া, নলবৰীয়া, পাতিদৰঙীয়া, পলাশবৰীয়া আৰু ডিমৰীয়া নামেৰেও জনা যায় ৷

ড° উপেন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে আলোচনা কৰোঁতে কামৰূপী উপভাষাক তিনিটা ভাগত ভাগ কৰিছে- ক) বৰপেটা আৰু ইয়াৰ ওচৰ পাজৰৰ পশ্চিম অঞ্চল (খ) নলবাৰী আৰু ইয়াৰ ওচৰ পাজৰৰ মধ্য অঞ্চল (গ) ছয়গাওঁ, বকো অঞ্চল

গোৱালপৰীয়া উপভাষাৰো কেইবাটাও আঞ্চলিক ৰূপ পোৱা যায় । গোৱালপৰীয়া উপভাষাক প্ৰধানকৈ পশ্চিম গোৱালপৰীয়া আৰু পূব গোৱালপৰীয়া এই দুটা ভাগত বিভক্ত কৰা হয় যদিও ইয়াৰো প্ৰায় সাতোটামান স্থানীয় ৰূপ পোৱা যায় ৷ এই স্থানীয় ৰূপ সমূহৰ ভিতৰত ঘুল্লীয়া, চৰুৱা, ঝাৰুৱা, নামনিয়া, বাউসীয়া, হাবৰাঘাটীয়া, বাৰহাজৰীয়া অন্যতম । কোনো কোনোৱে আকৌ গোৱাপৰীয়া উপভাষাটোকা ভৌগোলিক বিভাজনৰ পৰিৱৰ্তে ভাষাগোষ্ঠী (Speech community) ৰ ভিত্তিত  ৰাজবংশী অসমীয়া (দেশী ভাষা), হাজং- অসমীয়া, ৰাভা- অসমীয়া আদি নৃগোষ্ঠীয় উপভাষাত বিভক্ত কৰিব বিচাৰে ৷

ড° গোলোক চন্দ্ৰ গোস্বামীয়ে উজনি আৰু নামনি অসমৰ লগতে মধ্য অসমকো অসমীয়া ভাষাটোৰ এক সুকীয়া ৰূপ পোৱা অঞ্চল হিচাপে বিবেচনা কৰিছে। মধ্য অসমৰ অসমীয়া উপভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰখন মূলতঃ নগাঁও আৰু মৰিগাঁও জিলাতে সীমাবদ্ধ যদিও শোণিতপুৰ, দৰঙ আদি অঞ্চলতো এই ঔপভাষিক ৰূপৰ বৈশিষ্ট্য দেখা পোৱা যায় ৷

নৃগোষ্ঠীয় ৰূপভেদঃ
 ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত অসমত অতীতৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। এই জনগোষ্ঠী বিলাকৰ প্ৰত্যেকৰে নিজা নিজা ভাষা আছে যদিও সামাজিক,লৰাজনৈতিক, ব্যৱসায়- বাণিজ্য আদি বিভিন্ন কাৰণত আন আন ভাষিক জনগোষ্ঠীৰ সৈতে ভাৱৰ আদান- প্ৰদানৰ মাধ্যম হিচাপে অসমীয়া ভাষাকে ব্যৱহাৰ কৰে। এনেদৰে ব্যৱহাৰ কৰাৰ ফলত অসমীয়া ভাষাটোত বিভিন্ন জনগোষ্ঠীয় ভাষাৰ উপাদান সোমাই পৰিছে ৷ জনগোষ্ঠীয় উপাদান সোমাই পৰাৰ ফলত অসমীয়া ভাষাটোৱে এক সুকীয়া ৰূপ লাভ কৰিছে ৷ মান্য অসমীয়া ভাষা আৰু জনগোষ্ঠীয় ভাষাৰ উপাদানৰ সংযোগত সৃষ্টি হোৱা এই ৰূপ বোৰকেই অসমীয়া ভাষাৰ নৃগোষ্ঠীয় ৰূপ বা উপভাষা বুলি কব পৰা যায় ৷ অসমীয়া ভাষাৰ নৃগোষ্ঠীয় উপভাষা বোৰক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি-

১) ৰাভা সকলৰ কথিত অসমীয়া।
২) বড়ো সকলৰ কথিত অসমীয়া।
৩) তিৱা সকলৰ কথিত অসমীয়া।
৪) মৰাণ সকলৰ কথিত অসমীয়া।
৫) সোণোৱাল- কছাৰী সকলৰ কথিত অসমীয়া।
6) দেউৰী সকলৰ কথিত অসমীয়া।
৭) আহোম সকলৰ কথিত অসমীয়া।
৮) মিচিং সকলৰ কথিত অসমীয়া। ইত্যাদি।

সংযোগী ৰূপভেদঃ
সামাজিক, ৰাজনৈতিক, বাণিজ্যিক আদি বিভিন্ন কাৰণত দুটা ভাষা সম্প্ৰদায়ে ভাবৰ আদান- প্ৰদান কৰিবলগীয়া হয় ৷ তেনেক্ষেত্ৰত পৰস্পৰে পৰস্পৰৰ ভাষাটো নাজানিবও পাৰে । সেইবাবে দুয়োটা ভাষা সম্প্ৰদায়ৰ মাজত ভাবৰ আদান- প্ৰদানৰ বাবে তৃতীয় এটা ভাষাৰ সহায় লোৱা হয় ৷ এনেক্ষেত্ৰত ইংৰাজী ভাষাটো বা ৰাষ্ট্ৰ ভাষাটোও এটা সংযোগী ভাষা হ'ব পাৰে । অৱশ্যে কেতিয়াবা কেতিয়াবা দুয়োটা ভাষাৰ উপাদানৰ সংযোগত এটা নতুন সংযোগী ভাষাৰো সৃষ্টি হয় ৷ অসমীয়া ভাষাৰো এনেধৰণৰ সংযোগী ৰূপ পোৱা যায় ৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত দুইধৰণৰ সংযোগী ৰূপ দেখা পোৱা যায়-

১) অসমীয়া ভাষাৰ প্ৰাদেশিক সংযোগী ৰূপ ৷ যেনে-  নাগামিজ, নেফামিজ বা অৰুণামিজ ৷
২) অসম ৰাজ্যৰ ভিতৰতে প্ৰচলিত বা অন্তৱৰ্তী সংযোগী ৰূপ। যেনে- তিৱামিজ, ৰাভামিজ, বড়োমিজ, কাৰ্বিমিজ, চাহ জনজাতি সকলৰ কথিত অসমীয়া ইত্যাদি ৷

তদুপৰি অসমীয়া ভাষাৰ ধৰ্মীয় আৰু যুগসাপেক্ষ ৰূপভেদো লক্ষ্য কৰিব পাৰি। ধৰ্মীয় ৰূপভেদৰ ভিতৰত সত্ৰ সমাজত প্ৰচলিত অসমীয়া ভাষাৰ ৰূপভেদ আদিক ধৰিব পাৰি ৷ আনহাতে যুগ সাপেক্ষ ৰূপভেদ বুলি ক'লে প্ৰাকশঙ্কৰী যুগৰ পৰা বৰ্তমান সময়লৈকে অসমীয়া ভাষাটোৰ ক্ৰমবিকাশৰ এই সময়ছোৱাত প্ৰতিটো স্তৰতে দেখা পোৱা অসমীয়া ভাষাৰ কথিত বা লিখিত ৰূপৰ ভিন্নতা সমূহৰ কথাকে ক'ব পাৰি।