ড° ভূপেন হাজৰিকাঃ
বিশিষ্ট গায়ত, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক ড° ভূপেন হাজৰিকা জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তিনিচুকীয়া জিলা শদিয়াত ৷ তেখেতে সাহিত্য, সংস্কৃতি আৰু ৰাজনীতি আদি সকলোতে জড়িত থকা এজন ব্যক্তি আছিল ৷ তেখেত এজন মানৱতাবাদী শিল্পী ৷ তেখেতে অসমীয়া ভাষাৰ উপৰিও ইংৰাজী, হিন্দী, বাংলা আদি ভাষাটো গীত ৰচনা কৰি কণ্ঠদান কৰিছিল ৷ তেখেতৰ প্ৰতিভা পৰিশ্ৰমৰ ফলতেই অসমীয়া কলা- সংস্কৃতিৰ জগতখন উন্নয়ন সাধৱন হৈছিল আৰু বিশ্বদৰবাৰত অসমৰ কলা সংস্কৃতিক প্ৰতিষ্ঠা কৰাত অৰিহণা আগবঢ়াইছিল ৷ ড° ভূপেন হাজৰিকা দেৱে প্ৰাৰ্থমিক শিক্ষা আৰম্ভ কৰিছিল গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু সেই একে সময়তে তেখেতে Role of Mass Communication in India’s Adult Education বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ তাৰোপৰি তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্ল ফেল'শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
পাঁচ বছৰৰ বয়সত কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰি প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি কৰিছিল ৷ তেখেতে শোণিত কুঁৱৰী, জয়মতী আৰু ইন্দ্ৰমালতী ছবিত কণ্ঠদান কৰি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷
কলা, সংস্কৃতি উপৰিও সাহিত্য পথাৰতো তেখেতৰ অৱদান অপৰিসীমা ৷ কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত "নিউ ইণ্ডিয়া" পত্ৰিকাখনতনৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল ৷ ১৯৬৫ চনত তেখেত কলা বিষয়ক "গতি" আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী "বিন্দু" ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি", আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী"প্ৰতিধ্বনি"ৰ সম্পাদক আছিল ৷ তাৰেপৰি তেখেতে শিশুসকলৰৰ বাবেও "ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ" নামৰ অসমীয়া আখৰ -চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল আৰু ২০০৮ চনত অসম সাহিত্য সভাই ড° ভূপেন হাজৰিকা দেৱৰ সাহিত্যকৰ্মৰ বাবে "সাহিত্যাচাৰ্য" উপাধি প্ৰদান কৰিছিল ৷
এই মহান শিল্পী গৰাকীয়ে নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ ফলত শংকৰদেৱ বঁটা, ৰজত কমল বঁটা, পদ্মশ্ৰী বঁটা, ইন্দিৰা গান্ধী স্মৃতি বঁটা, সংগীত নাটক একাডেমী বঁটা পোৱা উপৰিও ১৯৯৩ চনত ভাৰতৰ চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান "দাদা চাহেব ফাল্কে বঁটা, ২০০১ চনত পদ্মভূষণ বঁটা, ২০০৯ চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা আৰু ২০১২ চনত ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনি কতৃত্ব অৰ্জন লাভ কৰিছিল ৷
আৰু শেষত এই মহান মহীৰূহ গৰাকীয়ে সকলোকে কন্দোৱাই ৮৫ বছৰ বয়সত কিডনীৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে ৷
আৰু শেষত এই মহান মহীৰূহ গৰাকীয়ে সকলোকে কন্দোৱাই ৮৫ বছৰ বয়সত কিডনীৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে ৷
জৱাহৰলাল নেহৰু
ভাৰত স্বাধীনত প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু জন্ম হৈছিল ১৮৮৯ চনত উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত ৷ তেখেতে শিক্ষা জীৱন আৰম্ভ কৰিছিল ঘৰৰ পৰাই ৷ শেষত ১৫ বছৰ বয়সত স্কুলীয়া শিক্ষাৰ বাবে বিলাতলৈ যাব লগা হৈছিল ৷ তেখেতে বেৰিষ্টাৰী পাছ কৰাৰ পাছত পুনৰ জন্ম স্থানলৈ উভতি আহি ভাৰত স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়াইছিল আৰু সেই আন্দোলনৰ বাবেই তেখেতে ৮ বাৰতকৈ অধিক কাৰাগাৰলৈ যাবলগা হৈছিল ৷ তেখেতৰ দাম্পত্য জীৱন আৰম্ভ হৈছিল ১৯১৬ চনত ৷
তেখেত এজন ৰাজনীতিবিদ হৈ কেইবাখনো গ্ৰন্থ লিখিছিল ৷ ১৯৪৭ চনত দেশ স্বাধীন হোৱাত তেওঁ প্ৰথম প্ৰধান মন্ত্ৰী হৈ এই মহান নেতাগৰাকী ১৯৬৪ চনৰ মে মাহত ভাৰতবৰ্ষ সকলোকে কন্দোৱাই শেষ নিশ্বাস ত্যাগ কৰে ৷
সদৌ শেষত দুইগৰাকী মহান ব্যক্তিলৈ বৰ্ণিল আলোচনী তৰফৰ পৰা গভীৰ শ্ৰদ্ধা আৰু সেৱা জনালো ৷
ধন্যবাদ- ৷








