প্ৰেম (উদয় আদিত্য বৰুৱা)


প্ৰেম পৰস্পৰৰ প্ৰতি প্ৰকাশ পোৱা হৃদয়াৱেগ,
প্ৰতিদান আশা নকৰা হৃদয়াৱেগ শাশ্বত ৷
শাশ্বত হৃদয়াৱেগে,
জীৱন যন্ত্ৰণাত অাগুৱাই যোৱাৰ পথ সুচল কৰে ৷
প্ৰলোভিত হৃদয়াৱেগে
মানৱ জীৱনত আজীৱন যন্ত্ৰণা দিয়ে,
হৃদয়াৱেগ মানৱ জীৱনৰ উত্থান- পতনৰ মূল ৷
ঈশ্বৰৰ পবিত্ৰ দানেই হ'ল প্ৰেম ৷