এজাক বৰষুণ (অৰিন্দম বৰদলৈ)


বতাহ, বিজুলী, ঢেৰকনি,
তাৰ পিছত হিলদল ভাঙি অহা এজাক বৰষুণ ৷
পংগু হৈ পৰা সেউজীয়াবোৰে,
চকমকাই
সাৰ পাই উঠিছিল ৷
নিষ্ফল হৈ পৰা হালধীয়াবোৰে,
সেউজীয়াৰ হাঁহি মাৰিছিল ।
নপুংশক হৈ পৰা হালধীয়াবোৰ,
ক্ৰমশঃ সেউজীয়ালৈ
গতি কৰিছিল ৷