সেই সময়বোৰত কাকনো মাতিম ?
যি সময়ত চাৰিওফালে আছিল
নিজান নীৰৱতাৰ অন্তহীন দিনবোৰ
অজান দেশৰ অচিনা পথিক মই…
কোন বাটেৰে গ'লে পাম
সেই ঠাই ?
য'ত, নুশুনো বিষাদৰ হৃদয় ভঙা বাঁহীৰ সুৰ
তেজেৰে ৰাঙলী হোৱা সময় বোৰ
কেতিয়া নিঃশেষ হ'ব ?
আৰু
কেতিয়া নিঃশেষ হ'ব সেই হৃদয়হীন মানুহবোৰ
কেতিয়া গঢ়িব পাৰিম আমি মিলনৰ সাঁকো…
যি নেখেলে জাতি ধৰ্মৰ তেজৰ ফাকু ৷








