প্ৰেমত পৰিলো নেকি তোমাৰ (কিৰণময়ী দাস)


স্বপ্ননীল আকাশৰ তলত বহি
সুন্দৰকৈ গোৱা গীতবোৰে
হৃদয়ত প্ৰেমৰ জোৱাৰ তোলে.... ৷
তোমাৰ গীতবোৰে অজানিতে
প্ৰেমত পেলাই দিয়ে; কিযে সুন্দৰ
তোমাৰ কণ্ঠত ভাঁহি আহে..... ৷
পাহাৰৰে ধুনীয়া ছোৱালীজনী
সুৰীয়া গীতটিয়ে বোৱাই আনে
প্ৰেমৰ নিজৰা...... ৷
পাহাৰৰ সৌন্দৰ্য্যতাৰ গীতত
সৌন্দৰ্য্য শালিনী কৰি তোলে
পাহাৰীয়া ছোৱালীজনীক,
সুন্দৰ সুৰীয়া কণ্ঠৰ পৰা
ভাঁহি আহে পাহাৰৰে সুন্দৰ গীতটি... ৷
শুনিলেই প্ৰেমৰ সাগৰত
ডুব গৈ বিচাৰো তোমাক
এটি সুন্দৰ কণ্ঠ ৷
প্ৰেমত পৰিলো নেকি তোমাৰ
নে তোমাৰ সুৰিয়া কণ্ঠ গীতত ?