নিশাটি গভীৰ হৈছে
তমসা এন্ধাৰৰ দুবাহুত
এই এন্ধাৰতেই হেৰাই গ'ল
বহু মানৱৰ মানৱীয়তা
বিনাশ হ'ল
আত্মীয়তা
এই এন্ধাৰতেই এদিন হত্যা হ'ল
দয়া, মমতা আৰু
নিস্বাৰ্থ প্ৰেমৰ পুৰণিকলীয়া জৰী
দিব জানো পাৰিব ঢালি
হাড় কঁপোৱা জাৰত
কিছু ৰঙীন পোহৰ
যি পোহৰে
ৰণডংকা বজাব
কালৰুপী এন্ধাৰৰ সৈ'তে
ওভতাই আনিব
আলোক এক নৱজীৱনৰ
প্ৰভাতে প্ৰভাতে ।
ঠিকনাঃ কৰঙা গন্ধীয়া গাওঁ, যোৰহাট
দূৰভাষঃ ৯৬৭৮০২৬০৮৬








