মই এজন নতুন কয়দী
স্মৃতিৰ কুঁৱলীত হেৰাই যোৱা
অমানিশাত পোহৰ বিচৰা
মই এজন নতুন কয়দী ৷
মই অচিনাকিক আপোন কৰিছো
হৃদয়ত যতনৰে ৰাখিছো
সাতো ৰঙৰ সপোন দেখিছো
সেই বোৰেই মোৰ দোষ !
সেয়ে ১৪৩ নং ধাৰা অনুসৰি
আজীৱন কাৰা দণ্ডেৰে দণ্ডিত
জোনাক বিচাৰি ফুৰা
মই এজন নতুন কয়দী ।







