জেঠৰ খৰাং দিনবোৰৰ পাছত
হেঁপাহৰ বৰষুণজাকে স্বপ্নৰ মালা গাঁথে,
খেৰৰ মাজে মাজে বিৰিঙি সোমোৱা
পানী টুকিয়েই ৰাতিবোৰ কাতি যায়,
বৰষুণৰ লগত স্থান সলনি
ভ্ৰাম্যমাণ বিচনাৰ
তথাপি মনত আনন্দ.....
এইবাৰ খেতিডৰা যে ঠন ধৰি উঠিব
হঠাতে সপোনৰ বৰষুণজাকে কালৰূপ ধৰে
গৰ্ভৱতী আকাশৰ বুকুত
আশংকাৰ ক'লা মেঘে গাজে
কোনোবা ঠিকাদাৰ- বিষয়াৰ খীৰতী গাই
মথাউৰিটো চপৰা চপৰে খহে
দোপালপিটা বৰষুণত উপচি থকা
নৈ খনৰ ঢলে
একাকাৰ কৰে
গোহালিৰ গৰু, আখলৰ চৰু,
আৰু
সম্পত্তিৰ মোহ এৰি,
সেউজীয়া সপোন ভাঙি
অনিশ্চিত ভৱিষ্যত ঈশ্বৰৰ চৰণত সঁপি
প্ৰাণৰ মমতাত দৌৰ
নিৰাপদ ঠাই বিচাৰি
হেঁপাহৰ বৰষুণজাক,
মৰমৰ নদীখন
মাথোঁ কিছু অপৈণত সপোন হৈ
পাক খাই ৰ'ল ৷
ঠিকনাঃ নৰ্থ লখিমপুৰ কলেজ







