হৃদয়ে বিচাৰে তোমাক (পপী কাকতি)

হৃদয়ে বিচাৰে তোমাক
তথাপিও কিয় জানো
আঁতৰি আহিব বিচাৰে
মনৰ বিপৰীতে মস্তিস্কই
তোমাৰ জীৱনৰ পৰা ?

বুজিও নুবুজা তোমাৰ
অভিমানৰ টুকুৰাবোৰৰ বাবে ?
লক্ষ্যহীন তোমাৰ জীৱনৰ গতি ?
নে অন্য কিবা ?
কেনেকৈ বুজাও বাৰু তোমাক,
মোৰ মনৰ অৱস্থা,
আছে জানো কিবা
হৃদয়ক বুজাব পৰা ব্যবস্থা ?

ঠিকনাঃ বোৰ্কা (চাংসাৰী)
জিলাঃ কামৰূপ (গ্ৰাম্য)
পিনঃ ৭৮১১০১