ছয় টকাত উশাহ বিক্ৰী কৰা ল'ৰাটো (জানমনি নাথ)


- হেৰা শুনিছা, ছাতিটো লৈ যোৱা । এনেও তোমাৰ বৰষুণৰ লগত ৰাহি- যোৰা নাহে, ক'ত কেতিয়া কেনেকৈ আক্ৰমণ কৰিব নিশ্চয়তা নাই ৷ বৰষাই আকাশক কথাকেইটা কৈয়ে জিভাখন সামান্য কামুৰি ধৰিলে ৷ সংসাৰ কৰা দেৰ বছৰ অতিক্ৰম কৰিছে, আকাশৰ ভাললগা আৰু বেয়া লগাবোৰ চিনাকি হৈ পৰিছে তাইৰ ৷ হঠাৎ আজি নিজৰ অজ্ঞাতে আকাশক সমীৰ বুলি মাত লগালে, আকাশৰ বাবে এয়া নতুন কাহিনী নহয়, আকাশে কোনো দিন প্ৰশ্নও কৰা নাই তাইক, সমীৰ কোন বা কিয় ! আকাশে সকলো জানে সেইবাবে বৰষাৰ সুখ দুখ ভাললগা বেয়া লগাবোৰ বৰষাৰ দৰে সিও সহজভাৱে ল'ব পাৰে ৷ আন দিনাৰ দৰে সেইদিনাৰ পুৱাৰ ছাগলী খেদা বৰষুণজাকেই মনত পেলাই দিছিল সমীৰৰ কথা ৷ এৰি অহা দিন ধৰি তাই কেতিয়াও লগ কৰাৰ ইচ্ছাও প্ৰকাশ কৰা নাই তাক, বৰঞ্চ ম'বাইলত 'হাৰ্ট বিট' বুলি ছেভ কৰি ৰখা নম্বৰটো কেতিয়ানো ব্লেকলিষ্টলৈ গ'ল গমকে নাপালে তাই ৷ কলেজীয়া দিনবোৰৰে প্ৰেম আছিল ৷ সমীৰৰ প্ৰেমৰ নামত প্ৰায়ে জোৰ কৰিছিল শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ কিন্তু বৰষা প্ৰায়ে পলাইছিল এইবোৰৰ পৰা ৷ সমীৰে বৰষুণ বেয়া পাইছিল । সি ছাতি ভাল পায় আৰু ছাতি ভালপোৱা মানুহবোৰ হৃদয়হীন মানুহ ৷ সি সময়ৰ লগত উটি যোৱা মানুহ ৷ এনে মানুহ বেয়া পাই বৰষাই ৷ কিন্তু সমীৰে কৰা অভিনয়বোৰে আকৰ্ষণ কৰিছিল তাইক । এই ধৰক বৰষুণ ভালপোৱা নাটক, জোনাক ভালপোৱা নাটক ইত্যাদি ইত্যাদি ৷ অভিনয়ত পাকৈত সি ৷ কলেজত নামভৰ্তিৰ পাছত এখন মৰম লগা মুখে বৰকৈ আমনি কৰিছিল তাইক ৷ সেইদিনা এজাক ছাগলী খেদা বৰষুণত কলেজ তিনি আলিত ৰৈ আছিল সেই মুখখন ৷ কলেজত তেতিয়া তাইৰ প্ৰথম খোজ ৷ বহু অচিনাকি মুখৰ মাজত এখন মুখ চিনাকি হৈ পৰিছিল ৷ কেণ্টিনৰ পৰা লাইব্ৰেৰিলৈকে সেই একেখনে মুখ ৷ হঠাৎ এদিন অ'ডিটৰিয়ামৰ সন্মুখত বাট আগচি ধৰিছিল সেই মুখখনে ৷ ৰং- বিৰঙী পখিলা এজাক যেন উৰি আহিছিল মন বননিলৈ ৷
- কলেজলৈ প্ৰথম আহিছা ? কেনে পাইছা ? কাৰোবাৰ প্ৰেমত পৰিছা নেকি ? কিবা হেল্প লাগিলে ক'বা আৰু শুনা- মই তোমাক ভালপাওঁ ৷ কথাকেইটা একেলগে সামৰি সি বৰষাৰ উত্তৰলৈ বাট চালে । তাই একো নকৈ তলমূৰ কৰি আঁতৰি আহিল ৷ নিজৰ বুকুখনৰ ধপধপনিবোৰ তাই নিজে শুনিছে, "কি আচৰিত প্ৰশ্নবোৰ, সঁচাকৈয়ে আচৰিত চৰিত্ৰৰ মানুহ"- তাই ভোৰ ভোৰালে ৷ নৱাগত আদৰণি সভাৰ নিশা এটা অচিনাকি নম্বৰৰ পৰা অহা ফ'নটোৱে বুকু কঁপাই দিলে তাইৰ । কল্পনা কৰিব পৰা নাই তাই...
- তোমাৰ হোষ্টেলৰ গেটৰ সন্মুখত মই ৰৈ আছো, দুই মিনিটৰ বাবে ওলাই আহা নহ'লে মই সোমাই যাম ৷
- কোনে কৈছে ?
- মই সমীৰ- অ... আপুনি... মানে...
- আহিবা নে যাম ?
- গৈছো......সমীৰে হাতত গোলাপ এথোপা লৈ ৰৈ আছিল । তাই অনিচ্ছা সত্বেও গোলাপখিনি লৈ ৰূম পালে ৷ তন্দ্ৰাহীণ ভাৱে পাৰ হ'ল এটা নিশা… লাহে লাহে ধুনীয়া মুখৰ ল'ৰাটো তাইৰ হৃদয়ৰ বাসিন্দা হৈছিল ৷ ম'বাইলৰ ইনবক্সৰ পৰা ৱাল পেপাৰলৈকে সকলোতে ঠাই দখল কৰিছিল সি ৷ সময়বোৰো বেহিচাপী ভাৱে পাৰ হৈ গ'ল, অডিটৰিয়ামৰ পৰা কৃষ্ণচূড়া পাতবোৰলৈকে ভালপোৱাবোৰ বিয়পিব ধৰিলে ৷ সীমাহীন ভালপোৱা; মাথো সকলোতে ভালপোৱা ৷ অতি বেছি হ'লে বেয়া; কথাটো অৱশ্যে মিছা নহয় ! তিনিটা বছৰ পাৰ হৈ গ'ল সুখ, দুখ, হাঁহি, কান্দোন আৰু সমীৰৰ মৰমৰ মাজেৰে । বিদায় সমাগত । বুকুত এসোপা দুখ আৰু মুখত এটা হাঁহি লৈ বিদায় সভালৈ আহিছিল দুয়োটা, বহু কথা পাতিছিল ৷ সেইদিনা বৰষাই অনুভৱ কৰিছিল সমীৰৰ পৰিৱৰ্তন ৷

- সমীৰ, কিবা হৈছে তোমাৰ ?
- বৰষা, আজি আবেলি অলপ সময় দিব পাৰিবা ?
- ঠিক আছে, কিন্তু ক'ত লগ হম ?
- বেয়া নোপোৱা যদি শেষবাৰৰ বাবে মোৰ ৰূমলৈকে আহিবা ৷ কথা অলপ আছে, নক'লে হয়তো নিজকে কাপুৰুষ যেন লাগিব ৷ তাই এইবোৰ বেয়া পাই যদিও শেষবাৰৰ বাবে না নক'লে । বিশ্বাসৰ বলতে এবাৰ তাক লগ কৰাৰ কথা ভাবিলে ৷ তাই মাথো ভালপায় সমীৰক; হিয়া উজাৰিমনৰ জোখাৰে ৷ আবেলি চাৰি মান বজাত তাই তাৰ 
ৰূমৰ কলিং বেলতহাত দিলে । বহু পলমকৈ সমীৰ ওলায় আহিল আৰু তাইক পোনে পোনে তাৰ ৰূমলৈ লৈ গ'ল । খেলিমেলিহৈ থকা ৰূমটোত সোমায়েই তাইৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল ৷ ৰূমটো দেখি তাই স্বাভাৱিকতে আচৰিত হ'ল ৷ ভাৰ্চুৱেল পৃথিৱীৰ বাসিন্দা সমীৰৰ ষ্টাইলৰ লগত অলপো মিল নাই তাৰ কোঠাতো ৷ তাইক তাতে এৰি তাইলৈ একাপ চাহ বনোৱাৰ উদ্দেশ্যে সি কিটচেন পালেগৈ ৷
- সমীৰ, সমীৰ মই চাহ নাখাওঁ ৷ দেৰি হৈছে, কি আছে কোৱা সোনকালে । মই ঘৰলৈ যাওঁ, মায়ে চিন্তা কৰিব ইফালে আলহীও আহিব আজি ৷ উফ ! এই ল'ৰাটো মানে... তাই তাক কথাকেইটা কৈয়ে কিটচেন পালেগৈ ৷ সি চাহ কৰাত ব্যস্ত ৷ তাই পাছফালৰ পৰা গৈ দুবাহুত সাবটি ধৰিলে ৷ সি ঘূৰি তাইক কাষলৈ চপাই আনিলে ৷ সি যেন কিবা এটা লুকুৱাইছে তাইৰ পৰা, তাইৰ প্ৰায়ে এনে অনুভৱ হয় ৷
- তুমি ইয়ালৈ আহিলা যে ! মই চাহ কৰিবলৈহে আহিছিলো ৷
- ময়ো চাহ কৰি খাব পাৰো সমীৰ, কিন্তু মোৰ খাবৰ মন নাই । তুমি মাথো মোক অলপ সময় দিয়া, কি হৈছে খুলি কোৱা ৷ সি সামান্য কাষ চাপি আহি কিবা এটা ক'ব খোজোতে বৰষাৰ নাকত লাগি লহি মদ আৰু চিগাৰেটৰ মিশ্ৰিত গোন্ধ ৷
- সমীৰ তুমি এইবোৰো খাবলৈ ল'লা ? তুমিটো এনে নাছিলা ! কোৱা সমীৰ কি হৈছে তোমাৰ ? বৰষাৰ খংদুগুনে বাঢ়িছিল, তথাপি বহু ধৈৰ্য্যৰে ৰৈ আছিল তাৰ কথাবোৰ শুনিবলৈ ৷
- সমীৰ তুমিতো কৈছিলা এইবোৰ তুমি মুখত নিদিয়া ! তাৰ পিছতো...
- আৰে বাবা, খং কিয় কৰিছা ? ৰূমত অকলে থাকো, শূন্যতাবোৰ পুৰাবলৈ এই দুয়োবিধৰ বৰ প্ৰয়োজন বুজিছা ৷ তুমিহীন দিন আৰু ৰাতিবোৰতচিগাৰেটতো মোৰ প্ৰেয়সী, মই জানো চিগাৰেট খোৱা মানুহবোৰ তুমি বেয়া পোৱা কিন্তু কি কৰিবা... মনত আছেনে তোমাৰ নৱাগত আদৰণী সভাত যে গাইছিলা কবিতাটো- ''৬ টকাৰ বিনিময়ত উশাহ বিক্ৰী কৰা আপুনি আৰু শৰতৰ শেৱালিৰ সুগন্ধত মাতাল হোৱা মইজনীৰ মাজত এখন দেৱাল আছে ৷" সঁচাকৈ বৰষা, এখন ডাঙৰ দেৱাল আছে, উচ্চতাও বহু বেছি ৷ কি কৰিবা বৰষা, ৬ টকাটোৰ বাবেই যে ইমানবোৰ অভিনয় কৰিব লগা হ'ল ৷


- মানে কি ! কি কৈছা এইবোৰ ?
- ইয়েছ বেবী, মই ৬ টকা এটাৰ বাবেই আকাশ ভাল পাইছিলো, কবিতা লিখিছিলো, অডিটৰিয়ামৰ আগত তোমাৰ বাবে অপেক্ষা কৰিছিলো...
- বচ বহুত হ'ল সমীৰ আৰু নক'বা... সমীৰৰ কথাষাৰ শেষ হ'বলৈ নিদি প্ৰচণ্ড জোৰে গালত চৰ এটা শোধাই বৰষা ওলায় আহিল । বৰ অসহায় অনুভৱ কৰিছে তাই । সমীৰৰ দৰে এটা থাৰ্ডক্লাছ ল'ৰাৰ প্ৰেমৰ বাবেই... উশাহবোৰ চুটি হৈ আহিছে তাইৰ । কান্দিব নে হাঁহিব নে চিঞৰিব একোকে ধৰিবকে পৰা নাই ৷ নিজৰ ওপৰতে ভীষণ খং উঠিল তাইৰ ৷ যেনে তেনে ঘৰলৈ আহি বিচনাত এৰি দিছিল তাইৰ অলস দেহটো ৷ চকুহাল মুদি দিলে; বুকুখনতো তাইৰ প্ৰচণ্ড বিষ...।
তেনেকৈ থাকোতে কেতিয়ানো টোপনিয়ে হেঁচা মাৰি ধৰিলে তাই গমকে নাপালে । ইফালে দেউতাকৰ বিজনেছ পাৰ্টনাৰ অজিত হাজৰিকা পৰিয়ালসহ অহাৰ কথা । মাকে তাইক জগাই দিলে... তাই চকু মেলি দেখিলে মাক বিচনাৰ কাষতে ৰৈ আছে ৷
- ইমান চিঞৰি আছো শুনা নাইনে ? ব'ল আলহী তোৰ বাবেই ৰৈ আছে ৷
- মোৰ বাবে মানে ?
- আহ, আহিলে গম পাবি ৷ মাক ওলাই গ'ল । পাছে পাছে তাই । ড্ৰয়িং ৰূমত অজিত হাজৰিকা, তেওঁৰ পত্নী আৰু একমাত্ৰ পুত্ৰ আকাশ হাজৰিকা ৷
- এয়াই আপোনালোকৰ ছোৱালী বৰষা নহয় জানো ? বৰ মৰমলগা ছোৱালী দেই ৷
- হয় । এই আমাৰ একমাত্ৰ সন্তান ৷
- তেন্তে কথা আগবঢ়াব পাৰি ! নে কি কয় বৰুৱা ? কথাষাৰ কৈয়ে হাজৰিকাই হাঁহি দিলে ৷ বৰষাই অস্বস্তি অনুভৱ কৰিলে ৷ তেওঁলোকে বাৰু কি আগবঢ়োৱা কথা কৈছে ? কথাবোৰে তাইক খুন্দিয়াইছে ৷ কাক সুধিব, কি সুধিব আদি কথাবোৰে মনত উকমুকনিৰ সৃষ্টি কৰিলে । তাই পাকঘৰলৈ গৈ মাকক প্ৰশ্ন কৰিব ধৰিলে- মা এওঁলোকে কি আগবঢ়োৱাৰ কথা কৈছে ?
- তোৰ আৰু হাজৰিকাৰ পুত্ৰ আকাশৰ বিয়া ৷
- কিন্তু মা.....
- কিন্তুটো ক'ৰ পৰা আহিল আই । আকাশ ভাল ল'ৰা ।অমায়িক । একো বেয়া বস্তু মুখত নিদিয়ে । ইঞ্জিনীয়াৰ হয় । তোক সুখত ৰাখিব সি ৷ তই আমাৰ কথা নেওচা নিদিয় বুলি জানিয়ে তেওঁলোকৰ প্ৰস্তাৱটো ৰাখিলো, তই খেলিমেলি নকৰিবি ৷

তাইৰ বুকুত যেন জোঙা কিবা এডাল লৈ খুচি খুচি ৰঙা কৰি পেলাইছে তেনে অনুভৱ হ'ল ৷ কেনেকৈ বুজাব তাই মাক- দেউতাকক ! তাই এতিয়া এইবোৰৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিব খোজে; তাইৰ ভগা হৃদয়খন আকৌ এবাৰ ভাঙিব নিবিচাৰে । কিন্তু বুজাবওটো নোৱাৰে, তাই সকলোবোৰ ভাবি থাকোতে গ'ল ৷ আকাশৰ ঘৰৰ মানুহে বিয়াৰ দিন- বাৰ ঠিক কৰি থৈ গ'ল এমাহৰ পাছতে বিয়া তাই সমীৰক পাহৰিব নোৱাৰে কাহানিও । সমীৰৰ দুষ্টালি, মৰম আৰু মৰমলগা মুখখনে বৰকৈ আমনি কৰিব তাইক ৷
এদিন এটা মেছেজে তাইৰ চকু থৰ কৰি ৰাখিছিল । য'ত আছিল আৱেগ আৰু চকুলোৰে মিশ্ৰিত কেইটামান শব্দ আৰু ভুলৰ স্বীকাৰোক্তি । "বৰষা সেইদিনা মোৰ জেপত এটকা এটা নাছিল; কিন্তু চিগাৰেট অবিহনে মই শূন্য আছিলো । লগৰটোক ১০ টকা এটা ধাৰলৈ খুজিলো । সি অডিটৰিয়ামৰ সন্মুখত থকা তোমালৈ আঙুলিয়াই প্ৰেমৰ প্ৰস্তাৱ দিব পাৰিলেহে ১০ টকাতো দিয়া কথা ক'লে । বিশ্বাস কৰা বৰষা, মই চিগাৰেটৰ প্ৰতি ইমানে আসক্ত আছিলো যে একো কথাই ভাবিবৰ সময় নাছিল মোৰ ৷ যাৰ ফলত তোমাৰ উশাহবোৰ নিজৰ কৰি বিক্ৰী কৰি পোৱা ৬ টকাটোৰে ধোঁৱাবোৰ কিনি খালো ৷" দুখে খঙে একাকাৰ হৈ তাই "হাৰ্ট বিট" নামৰ নম্বৰটো ডিলিট কৰি পেলালে । সকলো সলনি কৰি নতুনকৈ আশাবোৰ বান্ধি আকাশৰ লগতে বিয়াত বহিল । মাকে কোৱাৰ দৰে বৰ অমায়িক স্বভাৱৰ ল'ৰা আকাশ । বুকুৰ বিষটোৱে আমনি কৰে মাজে মাজে তাইক ৷ এদিন হঠাতে আকৌ এটা ফোন আহিল ৷ ৰিচিভাৰটো হাতত লৈ তাই ৰৈ গ'ল কঁপা কঁপা এটি মাত শুনি- "মই আৰু নাবাচিম বৰষা, সকলো ফালে আন্ধাৰ, আন্ধাৰ ধোঁৱা আৰু ধোঁৱা ৷"
নুবুজিলে তাই একো ৷ দুদিন পাছত বেনামী চিঠিএখন আহিল ৷ য'ত সমীৰৰ কেন্সাৰৰ কাহিনী লিখা আছিল । তাই হতবাক ৷ তাইৰ সুখৰ বাবেই সমীৰে আকৌ এখন নাটক কৰি তাইৰ পৰা বিদায় ল'লে, অথচ তাইক জানিবলৈকে নিদিলে ৷ বিষটোৱে আকৌ হেঁচা মাৰি ধৰে তাইক ৷ শূন্য হৈ ৰ'ল জীৱন; সকলো থাকিও এটা বৃহৎ শূন্যৰ মাজত সোমাই আছে তাই....
- কি ভাবি আছা বৰষা ? আজি মই ছাতি নিনিও দিয়া; বৰষুণজাক জোৰকে দিলেও তোমাৰ নামতে তিতিম ৷

- আকাশৰ কথাবোৰে তাইৰ মনটো বেছিকৈ সেমেকাই তুলিলে ৷ আকাশৰ নিচিনাকৈ ৬ টকাত উশাহ বিক্ৰী কৰা ল'ৰাটোৱেও ছাতি ভাল পাইছিল আৰু এদিন এনেদৰেই বৰষাৰ ভালপোৱাবোৰো সি ভাল পাইছিল । বৰষুণত তিতিছিল, পেলাই দিছিল হাতৰ ছাতিটো । কবিতা লিখিছিল, গান গাইছিল, বতাহত শুকান পাতবোৰৰ লগতে সমীৰেও উৰিছিল ৷
আকাশ ওলায় গ'ল ছাতি নোহোৱাকৈয়ে হয়তো আধা বাটেই পোৱা নাই দপদপাই নামি আহিল বৰষুণজাক আকৌ জীপাল হৈ উঠিল এৰি অহা দিনবোৰত সমীৰৰ ভালপোৱাবোৰ ৷ বৰষুণজাকে তাইক বৰকৈ আমনি কৰে, ছাতি ল'বলৈ পাহৰা তাইজনীয়ে ছাতিটো বিচাৰি ঘূৰ্মুটিয়াই ফুৰে ৷ সমীৰ তিতিব, সি কষ্ট পালে তায়ো কষ্ট পাব, আকাশকে কেতিয়াবা সমীৰ যেন লাগে ভুলতে মাতি দিয়ে সমীৰৰ নামেৰে… আকাশে হাঁহি দিয়ে সমীৰৰ নাম ধৰি জোকাই।
সমীৰৰ ভালপোৱাবোৰে বাধ্য কৰালে তাইক সমীৰক পাহৰি নাযাবলে ৷
বুজা জনেতো বুজি উঠে ভালপোৱাৰ বহু কথা, ভালপোৱাৰ প্ৰতি থাকে এৰাব নোৱাৰা অদেখা অবুজ কথা অাৰু এনেদৰে যে নিজৰ প্ৰেয়সীক সুখী হ'বলৈ সঁপি দিবলৈ কাৰোবাৰ হাত, ভালপোৱা জনৰ থাকে জানো ইমান সাহস !
৬ টকাত উশাহ বিক্ৰী কৰা ল'ৰাটোৱে বুজিব, জানিব ৷
তাইৰ ভাৱনাত দোলা দি থাকে সেই একেটা কথা "এবাৰ এজাক বৰষুণ ত পাই যোৱা হ'লে তাক.... !