চাকৰিৰ সূত্ৰে মই তেতিয়া নলবাৰীৰ ভিতৰুৱা অঞ্চল এটিত কৰ্মৰত । মোৰ অফিচৰ ওচৰতে এখন
জাতীয় বিদ্যালয় আছিল । বিদ্যালয়ৰ চোহদতো আটোম টোকাৰিকৈ সজোৱা, চাৰিওফালে বাহৰ
জেউৰা, সন্মুখত এখন ফুলনি, মনোৰম পৰিৱেশ । স্কুল খনে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল,
কণ কণ ল'ৰা- ছোৱালীৰ খেল ধেমালিয়ে মোক শৈশৱৰ জীয়া স্মৃতি বোৰলৈ ঘূৰাই লৈ গৈছিল ।
স্কুলখন আকৰ্ষিত হোৱাৰ আন এটা কাৰণ আছিল জোনালী ! জোনালী বৰুৱা....
৷
জোনালী মানেই জোনটোৰ দৰেই পোহৰেৰে ভাৰা তাইৰ মুখনী ৷ মেঘৰঞ্জনী চুলিটাৰী, পদুমৰ পাহি যেন গাল দুখনি ৷ তাই হাঁহি দিলে যেন জোৎস্নাৰ ফুল ফুলি যাব, অপৰূপ সৌন্দৰ্য্য তাইৰ কিন্তু তাইক দেখাৰ পৰাই অনুভৱ হৈছিল এঠাইত কিবা এটাৰ অভাৱ হৈ আছে যাৰ বাবে সৌন্দৰ্য্যত অলপ ব্যাঘাত জন্মিছে, ক'ত ক'ত ? হয় তাইৰ কপালত থকা ফোটতো.... ৷
বাৰে বাৰে মনটোৱে প্ৰশ্ন কৰিছিল কিয় তাই ফোট নলয়... ছোৱালী মানুহৰ ফোটতোৱেই যে শুৱনি হয়তো তাই অনুভৱ কৰা নাই । আহ ! ৰঙা বা নীলা ৰঙৰ ফোট এটা মাৰিলে কিমান যে ধুনীয়া লাগিল হেঁতেন তাইক.... ।
প্ৰায় এবছৰ এনেকৈয়ে চাই থাকোতে পাৰ হৈ গৈছিল.... কম বুলিও মনৰ কথা কব পৰা নাছিলো, তাইক দেখিলেই বুকুৰ ধপধপনি বোৰ ইমানেই বাঢ়ি যায় যে নিজকে সংযম হেৰুৱাই পেলাও । নিজকে ধিক্কাৰ দিছিলো, আনফালে দিনে প্ৰতিদিনে তাইৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ আছিল, হয়তো মই তাইৰ প্ৰেমত পৰিছিলো...।
সময় গৈ আছিল... তাইকলৈ দেখা সপোন বোৰেই বেছিকৈ আমনি কৰা হৈছিল...। এদিনাখন দুয়ো লগালগি হৈছিলো কেকুৰি এটাত । লগা লগি মানে মই অ'ফিচলৈ যাব গৈছিলো আৰু তাই স্কুললৈ । আগে আগে মই, মোৰ পিছত তাই । হঠাৎ এটা কণ্ঠস্বৰ শুনিবলৈ পালো-
'স্কিউজ মি'। ল'ৰালৰিকৈ ঘূৰি চাই দেখিলো তাই, হৃদস্পন্দ ইমান জোৰেৰে ধপ ধপনি কৰিছিল যে বুজাব নোৱাৰো... ভয়ো লাগিছিল, কিবা কয় ৷ মনৰ ভাব মনতে লুকাই ৰাখি ক'লো- ইয়েচ্
- বেয়া নাপায় যদি আপোনাৰ ম'বাইলতো অলপ দিব নেকি ? মোৰ মোবাইলতো ঘৰতে থৈ আহিলো নে কৰবাত পৰিলেই.... !
- অহ্ এয়া লওক' ।
কিবাকিবি কথা পাতি মোক মোবাইলতো উভতাই দি ক'লে- এ ঘৰতে থৈ আহিলো, এই ৰহণটোৱে বৰ জুলুম কৰি মাৰে.... দৌৰা দৌৰিকৈ আহোতে পাহৰিৱে গ'লো ৷
ৰহণ ! কোন ৰহণ ?
সেইদিনা অ'ফিচত মন বহুৱাব পৰা নাছিলো, বাৰে বাৰে তাইৰ কথা মনলৈ আহি আছিল...। ইমান এটিতিউড নে ধন্যবাদ এটাও নিদিলে.... আৰু ৰহণ ! ৰহণ কোন ? তাইৰ প্ৰেমিক ! নাই নহয়, তেনেকুৱা যেন নালাগে ৷ তেন্তে কোন ৰহণ ? ভাইটি হব চাগে... হয় ভাইটি এ হ'ব, এনেও ভায়েক বোৰে বায়েকক অলপ জুলুম কৰেই ন' । নিজৰ মাজতে প্ৰশ্ন কৰিছো নিজেই মনতোক সান্তনা দিছো । একো এটা কাম কৰি ভাল নলগা হৈছিল, প্ৰেম হ'লে চাগে এনেকুৱাই হয় ।
অ'ফিচত দুই এটা কাম কৰি ঘৰলৈ উভতি আহিলো..... ঘৰতো সেই একেই এশ এবুৰি প্ৰশ্ন... ধন্যবাদ ৰহণ.... ?
বহুত সময় নিজৰ মাজতে আত্মবিভোৰ হৈ আছিলো, মায়ে যে চাহ দি গৈছিল সেয়াও পাহৰি গৈছিলো । চাহ কাপত লাহেকৈ চুমুক দিলো তেনেতে ফোনৰ ৰিং টনতো বাজি উঠিল- 'এলিচা'ৰ ফোন ! তেতিয়ালৈকে মই তাইৰ নাম জনা নাছিলো, সেয়ে মোৰ আটাইতকৈ ভাল লগা নামটোৰ সৈ'তে তাইৰ নম্বৰতো চেভ কৰি ৰাখিছিলো কেতিয়াবা ফোন কৰিম বুলি । মনটো উগুল- থুগুল ৷ তাই ফোন কৰিছে ৷
ফোনটো ৰিচিভ কৰি অচিনাকিৰ দৰে ক'লো-
- হেল্ল কোনে ক'লে ?
- মই জোনালী বৰুৱা আপোনাৰ অফিচৰ ওচৰৰ জাতীয় বিদ্যা.....।
জোনালী বৰুৱা নামটো মনৰ ভিতৰতে দুবাৰ মান উচ্চাৰণ কৰিলো । জোনালী সঁচাকৈ জোনটোৰ দৰে ধুনীয়া তুমি..... আহানা এবাৰ জোনাকৰ স্নিগ্ধতাৰে মোৰ জীৱন ভৰাই তোলাহি...।
তাই আকৌ ক'লে-
- অথনি আপোনাক ধন্যবাদ এটাও দিবলৈ পাহৰিলো, কি ভাবিছে জানো... ।
- নাই একো নাই । মানুহে যদি মানুহৰ একো কামত নাহে তেন্তে আমি সমাজ পাতি বাস কৰাৰ অৰ্থই বা কি ন' !
- উম ।
- "জোনালী বৰুৱা মানে বাতৰি কাকত, আলোচনীত গল্প কবিতা লিখা যে তুমিয়েই নেকি ?" মনতে ভাবিলো ৷ মনৰ মানুহ জনীক আকৌ আপুনি বুলিব পাৰিনে ? সেয়ে তুমি বুলিলো সহজ হ'বলৈ ।
- হয় কেতিয়াবা লিখো । পঢ়ে আপুনি ?
- পঢ়ো । তোমাৰ নাম যে জোনালী বৰুৱা আজি জানিলো । প্ৰতিটো শব্দত ইমান বিষাদ সুমুৱাই থাকে, কিয় ইমান দুখ লগাকৈ লিখা ?
- দুখবোৰেই যে ভাল লাগে ।
- এবাৰ সুখকো আকোৱালি চোৱা ।
- সুখবোৰ প্ৰতাৰক, দুখেই ভাল মানুহক প্ৰতাৰণা নকৰে ।
- তোমাৰ কথাবোৰ বুজাবলৈ কঠিন । এটা কথা সোধো ?
- সোধক !
- আগত তুমি বুলি কোৱা
- সোধা !
- "তোমাক দেখাৰ পৰা লক্ষ্য কৰিছো তুমি ফোট নোলোৱা কিয় ? ছোৱালী মানুহৰ ফোটতোৱে যে শুৱনি.... ৰঙা বা নীলা ফোট এটা মাৰিবাচোন বহুত ধুনীয়া লাগিব ।"
একে উশাহত সুধিলো ৷ অনুভৱ কৰিলো সিমুৰত কাৰোবাৰ উচুপনি হয়তো তাইৰে বুকুত ম'বাইলতো চেপি ধৰি উচুপি উঠিছে, মোৰ পৰা লুকুৱাব বিচাৰিছে সেই উচুপনি । নিজকে অপৰাধী যেন অনুভৱ কৰিছিলো ৷ কিয় সুধিব লাগে, তাই কষ্ট পোৱাটো মই সহ্য কৰিব নোৱাৰো..
চেহ ! আকৌ সিমুৰৰ পৰা এটা কণ্ঠচ্ছৰ শুনিবলৈ পালো 'গৈছো ৰহণ' বুলি কৈ ফোনটো কাটি দিলে । তাৰ পিছত এমাহলৈ তাইৰ লগত যোগাযোগ বা দেখা হোৱা নাছিল ।
অফিচৰ কামত মই এমাহৰ বাবে ডিব্ৰুগড়ৰলৈ গৈছিলো ৷ একো এটা কামত মন বহুৱাব পৰা নাছিলো ৷ বাৰে বাৰে মনটোৱে তাইৰ কাষলৈ উৰা মাৰিছিল ৷ দুচকুৰ পতাত ভাহি উঠিছিল তাইৰেই ছবি । মন ব্যকুল হৈ আছিল আকৌ এবাৰ তাইক লগ পাবলৈ, বুকুখনে চিৰাংকৈ উঠা ৰহণ কোন জানিবলৈ । বুকুত বাজি আছিল তাইৰ উচুপনি.... কিহৰ বাবে এই উচুপনি ! ডাইল কৰিও বাৰে বাৰে কাটি দিছিলো,, উচুপনিটোৱে সুৱৰাই দিয়ে মোৰ সৈ'তে কথা পাতিলে তাইৰ কষ্ট হয় বুলি ।
সিদিনা আছিল ৰবিবাৰ,,, চাহ কাপৰ সৈ'তে বাতৰি খন লৈ ভাবি আছিলো কেনেকৈ ফোন কৰা যায় তাইক । এনেতে দুচকু বাতৰি খনৰ একোনত ৰৈ গ'ল । তাইৰ এটি কবিতা "দুখে ভৰা এই জীৱন ৷" পঢ়ি মনতো সেমেকি উঠিল, এনে লাগিছিল যেন মুহূৰ্ততে তাইৰ সমস্ত বিষাদ মুচি দিম । কৰো নকৰোকৈ ডাইল কৰিলো তাইৰ নম্বৰ, যিমানে ৰিং কৰিছে বুকুখন দুৰু দুৰুকৈ কপিব ধৰিছে । সিমুৰৰ পৰা এটা মিহি মাত ভাহি আহিল-
- হেল্ল কোৱা ?
- চিনি পাইছা ।
- চেভ কৰি ৰাখিছো ।
- কি নামত, মোক নাম সুধাই নাই তুমি ।
- এডভাইচাৰ হিঃ হিঃ ।
- বঢ়িয়া । তোমাৰ কবিতা এটি পঢ়িলো নিয়মীয়া বাৰ্তাত, মনতো সেমেকি উঠিল ।
- দুখীতঃ ।
- মোৰ এনে লাগে তুমি বহুত দুখত জীয়াই আছা, যদি মই তোমাৰ দুখৰ সমভাগী হওঁ !
- 'দুখটো সকলো মানুহৰে থাকে । কাৰোবাৰ নোপোৱাৰ দুখ কাৰোবাৰ আকৌ পাই হেৰুওৱাৰ দুখ ।' কথাখিনি কৈ তাই এটা হুমুনিয়াহ এৰিছিল ।
- ''বহুদিনৰ পৰা তোমাক এটা কথা কম বুলি ভাবি আছো, কেনেকৈ কওঁ ভাবি পোৱা নাই... ।'
- কোৱা আক' ।
- "নাজানো কিয় এনেকুৱা হয় তোমাক দেখাৰে পৰা একো কামতে মন নবহা হ'ল, সকলোতে তোমাক দেখা দেখা যেন লাগে, সাধাৰণতে মানুহৰ তেতিয়া এনেকুৱা হয় যেতিয়া কাৰোবাক ভাল লাগে । মই তোমাক ভাল পায় পেলাইছো জোনালী । পৃথিৱীৰ সকলো আনন্দ আনি তোমাৰ হাতত দিব বিচাৰো । মোৰ অৰ্ধাংগিনি কৰিব বিচাৰো ।" মনৰ সমস্ত শক্তি একত্ৰিত কৰি কৈ উঠিলো ।
- কি ! এয়া অসম্ভৱ, কেতিয়াও হ'ব নোৱাৰে । "মোৰ পৃথিৱীখন নিছেই সৰু জনা.. তাত আমি দুজনৰ বাহিৰে আন কাৰোবাক আঁকোৱালি ল'ব পাৰিম এয়া সম্ভৱ নহয় ।"
- কোন আমি দুজন, ৰহণ ! ৰহণ কোন ?
- "সিদিনা তুমি সুধিছিলা মই কিয় ফোট নলওঁ, তেন্তে শুনা মইও এগৰাকী পত্নী আছিলো, এখন ঘৰৰ বোৱাৰী ৷ এখন সুখৰ সংসাৰ আছিল ৰিয়ানৰ সৈতে,, এজাক বামাৰলিয়ে চূৰ্ণ- বিচূৰ্ণ কৰি থৈ গ'ল আমাৰ সুখৰ সংসাৰখন.. ভৰ যৌৱনতে উকা হৈ পৰিল মোৰ কপাল খন, আঁকোৱালি ল'লো বগা সাজযোৰ,,নাম পালো বিধৱা আৰু ৰহণ.. ৰহণ হ'ল ৰিয়ান আৰু মোৰ ভালপোৱাৰ একমাত্ৰ চিন.. আমাৰ ভালপোৱাক জীয়াই ৰাখিবলৈ ৰিয়ানে দি যোৱা উপহাৰ... যাৰ বাবে মই জীয়াই আছোঁ আজিও...।" তাই উচুপিছিল আৰু কৈ গৈছিল । তাইৰ উচুপনিয়ে মোৰ বুকুত শেল হৈ বিন্ধিছিল.. প্ৰতিটো শব্দই শিল হৈ বুকুত হেঁচা মাৰি ধৰিছিল,, শব্দ বোৰ হেৰাই গৈছিল । কি কওঁ কি নকওঁ এনে লাগিছিল । ভগৱানৰ ওপৰতো ঘৃণ ভাব জাগিছিল । কিন্তু মোৰ ভালপোৱা ইমান দুৰ্বল নাছিল, তাইক যিকোনো পৰিস্থিতিতে নিজৰ কৰি ল'ব খোজো, আৱেগেৰে কৈ গৈছিলো মনৰ সকলো কথা-
... জোনালী মই তোমাক ভাল পাওঁ, তোমাৰ অতীত, বৰ্তমান কি আছিল নিবিচাৰোঁ । মাথো এবাৰ আকি দিবলৈ দিয়া কপালত ৰঙা সূৰুৰ্যটো, শিৰত সেন্দূৰৰ আলিবাট, প্ৰতিশ্ৰুতি দিছো সদায় মৰমেৰে বুৰাই ৰাখিম ৰহণ, তোমাক, গোটেই জীৱন আনন্দত বুৰাই ৰাখিম । পাহৰাই দিম পাৰ হৈ অহা জীৱনৰ সকলো শোক, স্মৃতি, সমস্ত যন্ত্ৰণা... ।
তাই উচুপিছিল,, থোকাথুকি মাতেৰে কৈছিল 'মই অসমীয়া নাৰী ৷ জন্ম, মৃত্যু, বিবাহ এবাৰেই । কপালৰ লিখন নাযায় খণ্ডন, এয়াই মোৰ পৃথিৱী ৰহণেই গোটেই পৃথিৱী । সমাজত এনেই নাম পাইছো কুলক্ষণী, স্বামীৰ মুৰ খোৱা বুলি । তোমাৰ লগত সম্পৰ্ক গঢ়িলে ক'ব চৰিত্ৰহীনা বুলি । ৰিয়ানে বহু কষ্ট পাব জানা মোক কোনোবাই চৰিত্রহীন....। ' তাই সম্পূৰ্ণকৈ কোৱা নহওঁতে এনেতে শুনিবলৈ পাইছিলো এটি শিশুৰ মাত "মা তুমি কিয় কান্দিছা.. দেউতালৈ মনত পৰিছে নে ওচৰৰ আংকোলে যে ৰাতিপুৱা চোতাল সাৰি থাকোতে দেখি 'নাৰী বিবৰ্জিতা' কোৱা বাবে । তাৰ মানে কি মা ? মা তুমি নাকান্দিবা মই ডাঙৰ হ'লে সকলো ঠিক কৰি দিম...।"
উচুপনি.. উচুপনি আৰু উচুপনি...।
মোৰ আৰু শুনি থাকিবলৈ সাহস হোৱা নাছিল,, দুচকুৰে লোটক বৈ আহিছিল, উচুপি উঠিছিল মোৰো হিয়া ৷ মমতাত গলি যাব ধৰিছিল, তেতিয়া এটা কথা অনুভৱ কৰিছিলো তাইৰো মোৰ প্ৰতি কোনোবা খিনিত ভালপোৱা জাগিছিল কিন্তু ধৰ্ম আৰু সমাজে আমাক কেতিয়াও মিলন হ'ব নিদিয়ে । তাই জানিছিল এয়াই বিধৱাৰ জীৱন, তাই আৰু কেতিয়াও আকি ল'ব নোৱাৰে ৰঙা সূৰুৰ্যতো । মই ধৰ্ম বিৰোধী নহয় কিন্তু ধৰ্ম ডাঙৰ নে জীৱন এয়া পঢ়ুৱৈৰ মাজত এৰিলো... !