প্ৰতিজন পিতৃ- মাতৃয়ে জীৱনৰ শেষ সময়চোৱাত নিজৰ ল'ৰা- ছোৱালীৰ পৰা এসাগৰ মৰম পাবলে বিচাৰে ৷ জীৱনৰ শেষ বেলাত ল'ৰা- ছোৱালীৰ মৰম প্ৰাপ্তিয়ে শেষ বেলা সুন্দৰকৈ উপভোগ কৰাৰ সুবিধা পায় ৷ এই প্ৰাপ্ত মৰমে পাহৰাই পেলায় কিমান কষ্টৰে সিহঁতক ডাঙৰ- দীঘল কৰাৰ কথাবোৰ ৷ নিজৰ ল'ৰা- ছোৱালীৰ জীৱনটো চাই যোৱাৰ হেঁপাহ এটা থাকে মাক- বাপেকৰ ৷ ল'ৰা- ছোৱালীয়ে জীৱনত ভাল কাম কৰিলে মাক- বাপেকৰ হৃদয় অানন্দে উপচি পৰে । ময়ো ভাৱিছিলো মোৰ ল'ৰাই ডাঙৰ হৈ মোৰ মান- সন্মান অটুট ৰাখিব ৷ যি বস্তুকে বিচাৰিছিলে মই দিবলে চেষ্টা কৰিছিলো ৷ কেতিয়াবা মোৰ সম্বন্ধীয় কিছু ব্যক্তিয়ে কোৱা কথা এষাৰ মনত পৰে । সিহঁতে কৈছিল নিজৰ ল'ৰা- ছোৱালীয়ে হওঁক বা অন্য ব্যক্তিয়ে হওঁক; বেছিকৈ মৰম নিদিব । যি মৰমে এদিন অাপোনাক তাতোকৈ কন্দুৱাব ৷ কথাষাৰৰ সাৰমৰ্ম এতিয়াহে বুজিব পাৰিছো ৷ বহুতে কয় ভৱা কথা নহয় সিদ্ধি, বাটত অাছে কণা বিধি । সঁচাকৈ মই মোৰ ল'ৰাক লৈ কি যে ভৱা নাছিলো ৷ ল'ৰাটো পঢ়া- শুনা শেষ কৰি ভাল চাকৰি কৰিব, মই চাই দিয়া ছোৱালী এজনীক সি ব'হাগ মাহতে নিজৰ কৰি লৈ অানিব, সিহঁতৰ ল'ৰা- ছোৱালী হ'ব, মই নাতি- নাতিনীৰ সৈ'তে জোনাক ৰাতি অাকাশৰ তলত কথোপ কথন কৰিম ৷ মই সিহঁতক বুঢ়ি অাইতাৰ সাধু, ককাদেউতা অাৰু নাতি ল'ৰা, চিলনী জিয়েকৰ সাধু ক'ম । এনেদৰেই ল'ৰা- বোৱাৰী অাৰু নাতি- নাতিনীৰ সৈ'তে হাঁহি- ধেমালিৰে মোৰ বৃদ্ধ বয়সৰ দিনবোৰ পাৰ কৰাৰ কথা অাছিল ৷ কিন্তু এতিয়া সেই সকলো ভাৱনা ওলট- পালট হৈ গ'ল ৷
নিজে নোখোৱাকৈ হ'লেও মই তাক দিল্লীত পঢ়ালো । যি বিচাৰিলে মই সময়মতে দিলো ৷ অাজি তিনি হাজাৰ টকা লাগে, কাইলৈ পাঁচ হাজাৰ টকা লাগে; মই লগে লগে পঠিয়াই দিয়ো ৷ মই তাক সদায়ে কওঁ তই সকলো কথা মোক খুলি কবি । তোৰ হৃদয়ত যদি কোনোবা হৰিণী দুনয়নে অহৰ্নিশে অামনি কৰে তেতিয়াও কবি ৷ তই বাচি লোৱা জীৱন লগৰীৰ সৈ'তে অামাৰ ভৱিষ্যত দিনবোৰ জড়িত হৈ অাছে ৷ সেই কাৰণে তাক মই সদায়ে সকলো কথা খুলি ক'বলৈ কওঁ ৷ নাই নক'লে যে নক'লেই ৷ মোক নোকোৱাকৈয়ে এদিন মনে মনে বিয়াখন পাতি ল'লে ৷ বিয়া পতা দিনাখনৰে পৰাই ল'ৰাটো ঘৰলৈ ঘূৰি নাহিল ৷ ক'ত, কেনেকৈ, কাৰ সৈ'তে বিবাহ পাশত অাৱদ্ধ হ'ল; সেইবোৰ কথা ফোনতহে গ'ম পালো । বিয়াৰ অাগত অন্তত খবৰটো দিয়া হ'লে অামি দুয়ো জকাই চুকৰ পৰা সিহঁতৰ বিবাহস্থলীত উপস্থিত হ'লোগৈহেঁতেন ৷ ফোনত যেতিয়া গ'ম পাইছিলো সি বিয়া পাতিলে বুলি মই তেতিয়া বাকৰুদ্ধ হৈ পৰিছিলো ৷ মোৰ অাশাবোৰ ভাঙি- চিঙি চুচুৰ্মৈ হৈ পৰিছিলে ৷ কিয় এবাৰো নাভাবিলে ল'ৰাটোৱে অামি কি বিচাৰো, অামি কি নিবিচাৰো ৷
সিহঁত দুয়োটাই হেনো অান্তঃ ৰাষ্ট্ৰীয় কোম্পানিৰ কামত সোমালে ৷ কোম্পানিৰ কামৰ সূত্ৰে সিহঁত এতিয়া ডুবাইত বাস কৰে ৷ সেইদিনাখন মোৰ ভাইটিৰ ল'ৰাটোৱে মোক কৈছিল ৷ তাক সিহঁতে ফোন কৰিছিল ৷ সিহঁতৰ সৈ'তে সম্পৰ্ক নৰখা মোৰ বহুদিনেই হ'ল ৷ সিহঁতে মোক বাধ্য কৰাইছে সিহঁতক পাহৰি থাকিবলৈ ৷ মাকৰ মৃত্যু দিনাখন সিহঁতক মই ফোন কৰি কথাষাৰ জনাইছিলো । সিহঁতে অাহিব পাৰিলেহেঁতেন ৷ মাকৰ শ্ৰাদ্ধৰ কৰ্মভাগি কৰিবলৈটো সিহঁত অাহিব পাৰে । কিন্তু নাহিলে ৷ এতিয়া সিহঁত এখন বেলেগ দেশৰ মানুহ ৷ মা- দেউতাকক নিচিনা এখন দেশৰ বাসিন্দা সিহঁত এতিয়া ৷ যিখন দেশত মৰম- স্নেহ, ভালপোৱা অবিৰাজমান ৷ যিখন হৃদয়ত মৰম- স্নেহ, ভালপোৱা নাথাকে সেইখন হৃদয়ৰ সৈ'তে মই কেনেকৈ সম্পৰ্ক ৰাখিব পাৰো ৷ মই ঘৰৰ বাৰাণ্ডাতে অাছোনে, ফুটপাথতে অাছোনে, নে মই অঘৰী ৰূপে ঘূৰি ফুৰিছো; সেইবোৰ খবৰ জানো সিহঁতে ল'ব নালাগে ৷ কিয় সিহঁতে নিজক লৈয়ে ব্যস্ত হৈ পৰিলে ৷ ময়ো সিদ্ধান্ত ল'লো এদিনা সিহঁতৰ সৈ'তে সম্পৰ্ক নৰখা ৷ মৰম- স্নেহ, ভালপোৱা থাকিলেহে সম্পৰ্ক অটুত থাকে ৷ দিনক দিনে মোৰ সাচতীয়া টকা শেষ হ'বলৈ ধৰিলে ৷ এনেকৈয়ে এদিন মই নতুন জীৱন নামৰ বৃদ্ধা শ্ৰমৰ বাসিন্দা হ'লোগৈ ৷
গছে ন- কুঁহিপাত মেলিছে ৷ গছৰ ডালত কুলি- কেতেকীয়ে বিনাব ধৰিছে ৷ চাৰিওদিশে ঢোল- পেঁপাৰ মাতে ৰজনজনাই উঠিছে ৷ মোৰ মন থৌকি- বাথৌ লাগিছে ৷ থৌকি- বাথৌ লাগিবই দিয়া চোন কিমান দিন অানন্দ কৰা নাই ৷ অানন্দ কৰিবলৈ অাকৌ প্ৰকৃতিলৈ বসন্ত অাহিছে ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি অাকৌ অামাৰ মাজলে অাহিছে ৷ এইবাৰ এইখন বৃদ্ধা শ্ৰমতেই বসন্তৰ ৰঙালী উলাহেৰে পালন কৰিম ৷ মোৰ দৰে হৃদয়লৈ বসন্ত নহা সহস্ৰজনৰ সৈ'তে এই বৃদ্ধাশ্ৰমতেই হেঁপাহ পলুৱাই নাচিম- হাঁহিম, ফূৰ্তি কৰিম ৷
দূৰভাষঃ ৮৭২১০৪৩৮৬২








