সময়বোৰ পাৰ হৈছিল এদিন দুদিন কৈ । আজি আপোনাৰ মৃত্যুৰ এটা মাহ পাৰ হৈ
গৈছে । কাইলৈ আমাৰ একমাত্র সন্তান সমীৰণো নিজৰ পৰিয়ালৰ সৈ'তে কৰ্মস্থলী দিল্লীলৈ
গুচি যাব । নোৱাৰে মোৰ কাষত থাকিবলৈ, কিন্তু তেওঁলোকে মোক বাৰম্বাৰ কৈ আছে মা,
আপুনিও আমাৰ লগত ব'লক । অকলে অকলে ইমান ডাঙৰ ঘৰখনত কি কৰিব । আগতে দেউতা আছিল
কিন্তু এতিয়া ? মই একো কোৱা নাই । আপুনিয়েই কওঁকচোন আপোনাক এৰি মই কেনেকৈ যাওঁ !
আপোনাৰ মোৰ প্ৰতিটো স্মৃতিৰে ভৰি থকা ঘৰখন এৰি মই কেনেকৈ তেওঁলোকৰ লগত যাওঁ । আপুনি
মোৰ প্ৰতিটো খোজতে আছিল আৰু আজি আপোনাক মই অকলশৰীয়া কৰি এৰি যাব নোৱাৰো । এই বুলি
সুৱৰ্ণলতাই উচুপি উঠিছিল তেওঁৰ প্ৰয়াত স্বামী প্ৰদীপ্ত হাজৰিকাৰ ফটোখনৰ আগত
।
নিশা বাৰ বাজি পাৰ হৈছে । সুৱৰ্ণলতাৰ টোপনি নাই । মনত পৰিছিল আগৰ কথাবোৰ । বহাগৰ এটি দিনতে প্ৰদীপ্তৰ পত্নী হৈ এইখন ঘৰলৈ আহিছিল । তেতিয়া তাইৰ বয়স ১৮ । ঘৰখনত কেৱল মাক আৰু প্ৰদীপ্ত । প্ৰদীপ্ত ওচৰৰে স্কুল এখনৰ শিক্ষক । বিয়া নাপাতো বুলি ভাবি থকা প্ৰদীপ্তই মাকে চাই অহা সুৱৰ্ণলতাক নেদেখাকৈ বিয়াৰ বাবে সন্মতি দিছিল মাকক একো কব নোৱাৰি । সুৱৰ্ণলতাইও প্ৰদীপ্তক নেদেখাকৈ ঘৰৰ নিৰ্দেশত বিয়াত বহিছিল । আনকি বিয়াৰ দুদিনলৈকে প্ৰদীপ্তই মূৰ তুলি চোৱা নাছিল । আঁৰে আঁৰে যেন সুৱৰ্ণলতাই হে লক্ষ্য কৰি আছিল । পিছে ধৰা পৰি যোৱাৰ ভয়ত নিজকে সংযত কৰিছিল ।
সেইদিনা আছিল সোমবাৰ । প্ৰদীপ্ত স্কুল যাবলৈ ওলাইছে । চাইকেল খন লৈ ঘৰৰ পদূলিলৈ ওলাই গৈও উভটিছিল কিবা এটা পাহৰি । নিজৰ কোঠাটোৰ দুৱাৰ মুখতে সুৱৰ্ণলতাৰ মুখামুখি হৈছিল । থতমত খাই তাই পিছুৱাই গৈছিল । খহি পৰিছিল ওৰণিখন । গোল মুখখনিত ৰঙাকৈ লোৱা সেন্দূৰ ফোটটিৰে সুৱৰ্ণলতাজনী সঁচাকৈ ধুনীয়া । আজিহে যেন তাইক দেখিছে এনে লাগিল । বিয়াৰ পিছত প্ৰদীপ্তৰ জীৱনৰ এইয়াই আছিল প্ৰথম এক সত্য । যাৰ পৰা সদায়ে নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল । সদ্যস্নাতা এজনী ৰূপহীয়ে প্ৰদীপ্তৰ মন গহনত ভিৰ কৰিছেহি লাহেকৈ । চকুৰ পলক নেপেলোৱাকৈ চাই ৰৈছিল সিদিনা সুৱৰ্ণলতাক । হয়তো এয়াই প্ৰেম আছিল প্ৰদীপ্তৰ বাবে আৰু সুৱৰ্ণলতা..... তাইও বুজি পাইছিল সকলো । প্ৰথম প্ৰেমৰ শিহৰণে দুয়োকে চুই গৈছিল নিজৰ অজানিতে ।
দুটা বছৰৰ পিছত ঘৰখনলৈ সমীৰণ আহিছিল । ঘৰখন ভৰি পৰিছিল সুখেৰে । সুৱৰ্ণলতাতকৈ সুখী আছিল প্ৰদীপ্ত আৰু তেওঁৰ মাক । ল'ৰা সন্তানে ঘৰখনলৈ কিমান সুখ আনে সেয়া এতিয়াহে বুজিছে সুৱৰ্ণলতাই । আগতে নিজৰ ঘৰখনত দেউতাকৰপৰা পোৱা অৱহেলাই কোঙা কৰি পেলাইছিল । তিনিজনী ছোৱালীৰ পিছত যেতিয়া ল'ৰা এটা আহিছিল তেতিয়া দেউতাকে গোটেই গাৱঁৰ মানুহক মাতি আনি ভাত খোৱাইছিল । তাই ঘৰখনৰ ডাঙৰ আছিল বাবে ঘৰখনৰ বোজা হৈ পৰিছিল । সদায় দেউতাকৰ ককৰ্থনাবোৰ শুনি শুনি আমনি লাগিছিল আৰু ঘৰৰ পৰা ওলাই উপাৰ্জনৰ পদ্ধতি বাছি লৈছিল । তথাপিও যেন দেউতাক সুখী নাছিল । বিয়াৰ বাবে বহুতৰে পৰা বহুত প্ৰস্তাৱ আহি গৈছিল । দেউতাকে সকলোকে হ'ব বুলিয়েই কৈ দিয়ে নেদেখা নুশুনাকৈ । একমাত্র মাকেহে বুজি পাইছিল তাইক । দেউতাকক বুজাই বঢ়াই ৰাখি থয় । কিন্তু প্ৰদীপ্তৰ বাৰত দেউতাকে কৈছিল এইবাৰ আৰু মই কাৰো কথা নুশুনো । মই যি কম সেয়াই হ'ব । ভাগ্যক ধিয়াই তেনেকৈয়ে প্ৰদীপ্তৰ লগত বিয়া হৈ আহিল সুৱৰ্ণলতা আৰু ভগৱানৰ কৃপাত শাহুৱেক আৰু প্ৰদীপ্তৰ লগত সুখী হৈছিল । প্ৰদীপ্তৰ মাকে তাইক নিজৰ ছোৱালী যেন জ্ঞান কৰিছিল আৰু সুৱৰ্ণলতাইও চেষ্টা কৰিছিল সকলোকে সুখী কৰিবলৈ । দিনবোৰ বাগৰি গৈছিল । এদিন হঠাৎ প্ৰদীপ্তৰ মাক ইহ সংসাৰ ত্যাগ কৰিছিল । অকলশৰীয়া যেন অনুভৱ কৰিছিল সুৱৰ্ণলতাই । প্ৰতিটো সময়তে তাইৰ কাষত থিয় হৈ থকা মানুহজনী হেৰাই গৈছিল । লাহে লাহে সকলো সলনি হৈছিল । সমীৰণৰ পঢ়া শুনাৰ বোজা বাঢ়ি গৈছিল আৰু এদিন সমীৰণৰ চাকৰিও হৈছিল দিল্লীৰ এক বহুজাতিক কোম্পানীত chief executive অফিচাৰ হিচাপে । তাৰ পাছতে সমীৰণৰ পচন্দ মতেই তাৰ বিয়াখন হৈ গৈছিল । কথাবোৰ ইমান সোনকালে হৈ পৰিছিল যেন সকলো যন্ত্ৰ । প্ৰদীপ্ত আৰু সুৱৰ্ণলতাৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিল । অনুভৱ কৰিছিল লাহেকৈ ব্যস্ততাৰ মাজতে সময়বোৰে তেওঁলোকক বহুত আগবঢ়াই লৈ গৈছিল । প্ৰদীপ্তই অৱসৰ লৈছিল । এতিয়া তেওঁলোকৰ মাজত কেৱল সময় ইজনে সিজনৰ বাবে । আজিকালি প্ৰদীপ্তই সুৱৰ্ণলতা নহ'লে একো কৰিব নোৱাৰে । বাৰীলৈ গ'লেও লগ লাগে ।
- হেৰা আহাছোন ।
- এহ আপুনি আৰু... ।
- একো নহয় আহা । ৰৈহে থাকিবা । মই কামৰ মাজতে এপাক এপাক চাম । নে কি কোৱা ! প্ৰদীপ্তৰ কথাষাৰত লাজ লাগি গৈছিল সুৱৰ্ণলতাৰ ।
এদিন সুৱৰ্ণলতাৰ খুউব জ্বৰ হৈছিল । সেইদিনা গোটেই ৰাতি শোৱা নাছিল প্ৰদীপ্তই । কেৱল চাই ৰৈছিল সুৱৰ্ণলতাৰ মুখখনিলৈ । পুৱা শুই উঠি তাই সুধিছিল ।
- কিয় নুশুলে আপুনি ?
- তোমাক এনেকৈ দেখি মই শুব পাৰোনে !
- তথাপিও টোপনি ক্ষতি কৰিব নালাগিছিল । আপোনাৰ গা বেয়া কৰিব যে ।
- তুমি মোক এৰি নোযোৱাটো লতা !
অলপপৰ ৰৈ প্ৰদীপ্তই সুধিছিল ।
- কিয় তেনেকৈ কৈছে । মই সদায় আপোনাৰ কাষত আছো আৰু সদায় থাকিম । ফেকুৰী উঠিছিল দুয়োজনেই ।
"যোৱাৰ পৰতো একো নক'লা, কোৱা হ'লে হয়তো মইও তোমাৰেই বাট বুলিলো হয়"
দূৰৈত কুকুৰাই ডাক দিছিল । সুৱৰ্ণলতাৰ চকুহাল তিতি আছিল । বহুদিনৰ পৰা প্ৰদীপ্তৰ গাটো বেয়া । ডাক্তৰ দেখুৱাইও ভাল পোৱা নাই । সমীৰণৰ লগতো গৈ দেখুৱাই আহিল । কিন্তু ভাল হোৱাৰ একো লক্ষণেই নাই । লতাই প্ৰতিটো সময়ত প্ৰদীপ্তক চকুৰ আগত ৰাখিছে । প্ৰদীপ্তইও অনুভৱ কৰিছিল লাহেকৈ তেওঁ আৰু কেতিয়াও ভাল নহয় । এদিন লতাৰ হাতখন সজোৰে খামুচি ধৰিছিল ।
- লতা, মই মোৰ কথা ৰাখিব নোৱাৰিম হয়তো । মোক পাৰিলে ক্ষমা কৰি দিবা । মই আৰু ভাল নহম চাগে ।
- একো নহয় আপোনাৰ । আপুনি সোনকালে ভাল হ'ব । এনেই যি টি ভাবি মনত কষ্ট নিদিবচোন । মই আছো নহয় । আপোনাৰ একো নহয় ।
বুকুত সাবটি লৈছিল মানুহজনক লতাই । বুজি পাইছিল সকলো । তেওঁৰ সময় চাপি আহিছে লাহেকৈ ।
'বিদায় পৰত কেতিয়াবা ক্ষমাইও মনটো অসুখী কৰে..... হয়তো আপুনি ক্ষমা নুখোজা হ'লে ভগৱানকো মাফ নকৰিলোহেঁতেন ।'
পোহৰ হ'বলৈ এতিয়াও বহু সময় বাকী । হঠাৎ সুৱৰ্ণলতাই বুকুখন খামুচি ধৰিলে ।
পুৱা সমীৰণে শুই উঠি মাকক জগাবলৈ আহি ৰৈ গৈছিল । অনুভৱ কৰিছিল পৃথিৱীখন ঘূৰিবলৈ ধৰিছে । হঠাৎ কাৰোবাৰ স্পৰ্শই সমীৰণক কৈছিল-
- বাবা, এইয়া চা । মই দেউতাৰৰ লগত আছো । তই দুখ নকৰিবি । দেউতাৰ অবিহনে মইও বৰ অকলশৰীয়া হৈ পৰিছিলো । সেয়া তই সময়ত বুজিবি । তই বোৱাৰী লগতে সুখী হ' । নাতিটো চোৱাৰ হেঁপাহ থাকি গ'ল । কুশলে থাকিবি । বিপদ হ'লে আমাক মনত পেলাবি । আমি সদায় আছো তোৰ কাষত ৷
স্পৰ্শইও এনেকৈ কথা কৈ যায় । য'ত মৃত্যুৰ শেষ হয় ত'ত আৰম্ভণি মাথো পোৱা নোপোৱাৰ সমীকৰণ ।
- মা'........
এটা চিৎকাৰ উলাইছিল সমীৰণৰ মুখৰ পৰা । কাদম্বৰী দৌৰি অহাৰ শব্দবোৰ সমীৰণৰ কাণত বাজি থাকিল । (সমাপ্ত)