চাবি (মলয় ৰাজ)


প্ৰতিটো তলা খুলিবলৈ
দুপাট চাবি থাকে
এপাত ব্যৱহাৰ্য
আনপাট সংৰক্ষিত ৷

কিন্তু

এটা তলা খুলিবলৈ
এপাট চাবি মাথোন
সেই চাবিৰ মালিকে
আমাৰ হাতত নিদিয়ে
তলা বেয়া হ'লে
চাবিও নুঘূৰে ৷

ঠিকনাঃ ছিপাঝাৰ ,দৰং