স্বপ্ন বৃষ্টিৰ অনামিকা তুমি (গীতৰাজ)

বৰষুণজাক নাছিল
খঙাল ৰ'দজাকে
কাঢ়ি নিব বুলি দুচকুৰ কাজল
ফুলাম ছাতি এটা লৈ আহিছিলা তুমি
মোৰ প্ৰিয় চহৰলৈ
তোমাৰ লাহী কঁকালৰ লাস্যময়তাত মুগ্ধ
বাটৰ বাটৰুৱা দুভৰিৰ ৰুণজুন পায়েলৰ সুৰত
বুকুৰ আৱেগবোৰে তোমাক হাতবাউলী ক'ব খুজিছে
আহা অলকানন্দা তোমাক স্বাগতম
প্ৰেমেৰে ৰঙীণ মোৰ প্ৰিয় চহৰলৈ.....
তোমাৰ উপস্থিতিৰে সজীৱ হৈ উঠক
মোৰ চহৰৰ প্ৰতিটো ধূলিকণা
বৰষুণজাক এতিয়া লাগিছিল
চিপচিপিয়াকৈ বৰষুণজাক অহা হ'লে
তিতিবলৈ তোমাৰ সোণালী চুলিটাৰি
চল চাই সোমাব পৰাহ'লে
ছাতিৰ তলত
পালোহেঁতেন চিনাকি অচিনাকী এটা ফুৰফুৰীয়া গোন্ধ
দুষ্ট ফাগুনৰ বতাহজাক থকাহ'লে ক'লেহেঁতেন
কিমান ৰঙেৰে উতলা তোমাৰ মৰম ......
উৰুৱাই নিয়া আচলৰ তলত জুখিলোহেঁতেন
কিমান ভালপোৱাৰে ঠাহ খাই আছে
উঠন বুকুৰ যৌৱন ....
তুমি অহাৰ খবৰ পাই সোণাৰুফুলে হাঁহিছে .....
ৰঙা ভালপোৱা সানি কৃষ্ণচূড়াজোপা ফুলিছে......
মোৰ প্ৰিয় চহৰত তোমাৰ উপস্থিতি বাৰু কিমানদিন ?
টোল পৰা দুগালেৰ হাঁহি এটি যদি মাৰা
মোলৈ চাই
জোনাকৰ ৰাতি তৰাৰ স'তে দেখা সপোনবোৰ
তোমাকেই যাঁচিম চিৰকাললৈ ...
আহিবা মোৰ সপোনৰ পঁজালৈ
কল্পনাৰ তুলিকাৰে অঁকা প্ৰেম তোমাকেই যাঁচিম ....
মোৰ দুচকুৰ ষ্টপেজত তোমাৰ খন্তেকীয়া জিৰণি
বৰষুণজাক অহা হ'লে
সোমাব পৰা হ'লে তোমাৰ ছাতিৰ তলত ...... "