ডাইনী, এক নাৰীৰ কথাৰে (অৰ্চনা জি শইকীয়া)

আল্পাজান মোৰ ঠিকনা‌ আছিল
দেৱদাসী কবি আছিল
মোৰ শিৰৰ সেন্দূৰীয়া আলি..
সুখেই আমাৰ কৱচ আছিল
আৰু হাঁহি আছিল সাৰথি ৷
অথচ, লাহে লাহে গাঁওবাসীৰ মাজত
মই হৈ পৰিছিলো ডাইনী ৷


সিদিনা মই হেৰুৱাইছিলো
মোৰ সুখৰ উৎস দেৱদাসী কবিক,
গৰখীয়া বাঁহীৰ সুৰৰ হাঁহি
আৰু মোৰ আপোন গাঁওখন ৷
উলংগ কৰি কাঢ়ি নিয়া হৈছিল
মোৰ সমস্ত সত্বা;
আনকি জোনাকীবোৰো হেৰাই গৈছিল সিদিনা ৷


আজি মই তেতেলী গুৰিৰ ৰূপহী ডাইনী,
আন্ধাৰতে জীৱনৰ মাদকতা বিচাৰি
মুক্তিৰ কবিতা লিখো মই..
নিৰলা পঁজাত মোৰ জোনাক ফুলিব বুলি
মম এডালো জ্বলাই ৰাখো অহৰ্নিশে,
আৰু কাহানিবা কাহানিবা এইবোৰৰ মাজতেই
হেৰুৱাই পেলাও নিজকে ৷


ঠিকনাঃ ক্ৰেচেণ্ট একাডেমী, যোৰহাট