সময়বোৰ এতিয়া সলনি হ'ল (ডলী মেধি)


সময়বোৰ এতিয়া সলনি হ'ল
সলনি হ'লা তুমি
আৰু একেদৰেই মই,
হেৰাই থাকিল এতিয়া
আইতাৰ সেই সাধু
আৰু তৰালি সৰা চোতালখন..
সুখৰ সংজ্ঞা বিচাৰি
হেঁপাহবোৰ এনেদৰেই শুৱাই থৈছো
নীৰৱে.....!


তুমিতো শাওনৰ ব্যস্ততা দেখা নাই
ৰদত পুৰি নিঃশেষ হোৱা অস্তিত্ব
দেখিছা জানো..
দুখ আৰু হুমুনিয়াহত
দীঘল হোৱা ৰাতি
সংগ্ৰাম, প্ৰত্যাহ্বান অথবা
যন্ত্ৰণা...... !


কিদৰে বুজিবা তুমি
নিষ্পাপ ভালপোৱা
আৰু সেউজীয়া প্ৰতিশ্ৰুতিবোৰৰ অৰ্থ
খিৰিকীৰ কাষত বহি যদি
জোনবাইৰ লুকা- ভাকু চোৱা নাই...
আধুনিকতাৰ পোছাকযোৰ খুলি
যাওঁ বোলা আকৌ এবাৰ
জোনাকৰ দেশলৈ
জুখি চাম তাত হৃদয়ৰ গভীৰতা
নিশব্দতাত.... !


ঠিকনাঃ পাঠশালা