ভাৱনা (দিপাংকৰ ভাগৱতী)

সৰাতো নাছিল সেইদিনা বকুল ফুলবোৰ;
কিয় নাজানো ?
জানিছিলো তুমি আহিবা বুলি
সেই পুৱাতিৰ ৫ বজাত
ফুলৰ সুগন্ধ ল’বলৈ
ভাৱনাৰে ভৰা হৃদয়ৰ বহুতো প্ৰশ্নৰ !
উত্তৰ বিচাৰি ফুৰিছো ?
ক’ত বা তোমাক আকৌ লগ পাম ৷

লগ পোৱাৰ হেঁপাহবোৰো যে
তোমাৰ ঘৰৰ যে
সেই কাষত থকা নাৰিক’লৰ গছডালে
ধেৎ বহুত আমনি কৰে জানা ?
তোমাক চোৱাৰ মোৰ আশাবোৰক যেন
মোহাৰি শেষ কৰিব খোজে ৷

পশ্চিমৰ পৰা বতাহ বলাৰ সময়ত
এবাৰ তোমাক দেখাৰ হেঁপাহ জাগে
মনত পৰে তোমাক প্ৰথম দেখাৰ সময়লৈ
ঘূৰি যাম যেন লাগে ৷

এবাৰ মন যায়
মোৰ হৃদয়ৰ চঞ্ছল মনৰ
লাজুকী ভাৱনাজনীক চাবলৈ ৷

ভাৱনা তোমাৰ বাবেইতো মোৰ আধৰুৱা জীৱন
তোমাৰ মৰমৰ সহাৰি পাবৰ বাবেইতো
মোৰ এই কবিতা ৷

তোমাৰ মুখৰ প্ৰতিতো শব্দতেই
সোঁৱৰণি হৈ ৰ’ল মোৰ কেইটিমান দিন
অবাস্তৱ যেনহে লাগে
মোৰ হৃদয়খনিক ৷
পৰিব খোজো তোমাৰ প্ৰেমত;
নাজানো কিয় ?
হয়তো এইয়াই প্ৰেম ?
তোমাৰ ভাষাৰ অৰ্থতো নুবুজিলো ৷
মাথো জানিব খুজো
হ’বানে তুমি মোৰ প্ৰেয়সী

ঠিকনাঃ গণেশ নগৰ, গুৱাহাটী
দূৰভাষঃ ৯৫০৮২১৬৬৯৬