মৃত্যু.. এখন নৈ (পিকি পাৰবীন)

নীলা- সেউজীয়া কামিজ পৰিহিত
মাৰ্বলটিৰ পৰিসীমা আজিও অসীম,
সেই নাঙঠজাকৰ জন্মৰ
শতকৌটি খোঁজৰ
আগলি- লগনত..

প্ৰকাণ্ড মাৰ্বলটিত
জীৱই ঠন ধৰাৰ দিনাখনৰ পৰা
ক'ৰবাত প্ৰকাশিত হ'ল যেন তাৰ শতৰু,
যাৰ কপালত অংকিত আছিল
এখন দায়িত্বৰ মহাভাৰত
মাৰ্বলটিৰ ভাৰসাম্যতা বাহিনী
এখন ৰঙা, বগা বা ক'লা নৈ.. !

য'ত দৃশ্যমান হয় উচ্চ- নীচৰ ৰক্তিম বাৰিধাৰা !
দৃশ্যমান হয় ভুক্তভোগীৰ পাৰ্থিৱ
সুখ বিচ্ছেদৰ শান্তি !
দৃশ্যমান হয় ক'তজন সংসাৰ ত্যাগীৰ
ক'লা ক'লা বিষাদ..... !

নৈখনৰ ইপাৰে কোটি হাজাৰাধিক জোতা,
পাৰতে শুই বেঙা মেলে নৈখনৰ বৰণ চাই;
জোতাবোৰে নাজানে সেই নৈৰ পাকচক্ৰ
নেজানে গৰাকীয়ে,
কোনপিনে তালৈ উভতনি পথ..।

তুঁহত ফিৰিঙতি ঢালি
জীৱন জুই বঢ়োৱায়,
সেই জুই নুমুৱাৰ সমান্তৰত ৰৈ যায়
একোযোৰ জোতা..
মৃত্যু- নৈৰ প্ৰবলতৰ গতি চাই
সন্মোহিত হোৱা উপায়বিহীন পাৰত..... ৷

ঠিকনাঃ পুঠিমাৰী মহাবিদ্যালয়, সোণেশ্বৰ
কামৰূপ জিলা(গ্ৰাম্য), অসম