মোক জীয়াই থাকিবলৈ দিয়া
জীৱনটো যে মোৰেই ..
প্ৰস্ফুটিত হ'বলৈ দিয়া মোৰ বাঙ্ময় সত্তা ।
শামুকৰ খোলাৰ পৰিধিত
কিমান আৰু আৱদ্ধ হ'ম ?
মইতো কেঁকোৰা নহ'লো ...
অথবা মকৰা;
যি নিজৰ মুখেৰে
সাঁজিব পাৰে আপোন আৱাস ।
আনকি কুমাৰনী ও নহয় মই ।
মই যে মইয়েই!!
তেজ মঙহৰেই পুতলা মই !
যি মলিয়ন পোছাকৰ আঁৰত কঢ়িয়াই ফুৰো শৰবিদ্ধ কলিজাখন!
আৰু নো কিমান খোঁচা বিন্ধা নকৰা মোক !
দেখা নাই ?
ভীষ্ম পিতামহৰ দৰেই শৰবিদ্ধ মই !
কিন্তু ইচ্ছা মৃত্যু !
ওঁহো ... ইয়ো অসম্ভৱ ।
কিয়নো মই যে মইয়েই ।
জীৱনটো যে মোৰেই ..
প্ৰস্ফুটিত হ'বলৈ দিয়া মোৰ বাঙ্ময় সত্তা ।
শামুকৰ খোলাৰ পৰিধিত
কিমান আৰু আৱদ্ধ হ'ম ?
মইতো কেঁকোৰা নহ'লো ...
অথবা মকৰা;
যি নিজৰ মুখেৰে
সাঁজিব পাৰে আপোন আৱাস ।
আনকি কুমাৰনী ও নহয় মই ।
মই যে মইয়েই!!
তেজ মঙহৰেই পুতলা মই !
যি মলিয়ন পোছাকৰ আঁৰত কঢ়িয়াই ফুৰো শৰবিদ্ধ কলিজাখন!
আৰু নো কিমান খোঁচা বিন্ধা নকৰা মোক !
দেখা নাই ?
ভীষ্ম পিতামহৰ দৰেই শৰবিদ্ধ মই !
কিন্তু ইচ্ছা মৃত্যু !
ওঁহো ... ইয়ো অসম্ভৱ ।
কিয়নো মই যে মইয়েই ।








