নৱাগতা হে নৱাগতা
আহা তোমালোক আহা
তোমালোকৰ বাবে আমাৰ আছে
আজি আদৰণি আৰু
আঁকোৱালি লোৱাৰ অলেখ বাসনা ৷
তোমালোক আমাৰ বাবে আজি অতি আপোন,
তোমালোকৰ অবিহনে নহয়
সমৃদ্ধিশালী আৰু নহয় সৃষ্টিশীল আমাৰ কর্ম ৷
তোমালোক আমাৰ বাবে তোমালোক দেশৰ বাবে,
তোমালোকে সপোন ৰঁচা
তোমালোকৰ ৰুচি মতে
আৰু সেৱা কৰা মানৱতাক
তোমালোকে বিচাৰি উলিওৱা
আৰু কর্ষণ কৰা
জ্ঞানৰ সঁফুৰাক,
সমৃদ্ধ কৰা তোমালোকৰ
দেশ গঢ়াৰ সপোনবোৰ ৷
আহা তোমালোক আহা
তোমালোকৰ বাবে আমাৰ আছে
আজি আদৰণি আৰু
আঁকোৱালি লোৱাৰ অলেখ বাসনা ৷
তোমালোক আমাৰ বাবে আজি অতি আপোন,
তোমালোকৰ অবিহনে নহয়
সমৃদ্ধিশালী আৰু নহয় সৃষ্টিশীল আমাৰ কর্ম ৷
তোমালোক আমাৰ বাবে তোমালোক দেশৰ বাবে,
তোমালোকে সপোন ৰঁচা
তোমালোকৰ ৰুচি মতে
আৰু সেৱা কৰা মানৱতাক
তোমালোকে বিচাৰি উলিওৱা
আৰু কর্ষণ কৰা
জ্ঞানৰ সঁফুৰাক,
সমৃদ্ধ কৰা তোমালোকৰ
দেশ গঢ়াৰ সপোনবোৰ ৷








