হে সুগন্ধি পখিলাৰ কবি (ৰানু বৰুৱা গগৈ)

উজাগৰ ৰাতিত
সপোন ৰঁচা তুমি কবি
.
সূৰ্য্যক বাৰে বাৰে
ধৰাত প্ৰতিষ্ঠা কৰোৱা তুমি

বাঁহীৰ সুৰেৰে
মন প্ৰাণ জুৰোৱা তুমি কবি

তোমাৰ শব্দত মুখৰিত
আকাশ বতাহ

তুমি পখিলাৰ ৰঙেৰে
প্ৰকৃতি সঁজোৱা
মাটি পানীৰ স'তে একাকাৰ হৈ
আলিংগন কৰা
তোমাৰ কবিতাত
গছ, লতা চৰাইয়ে পাতে সভা
তুমি খনিকৰ কবিতাৰ

দুদিনীয়া জীৱনৰ
সুবাস সানি
ৰৌদ্ৰকামনা সৰজিলা

তোমাৰ হৃদয়ৰ গুণ গুণনিত
স্নেহতীৰ্থ ভৰি পৰিছিল
অসমীৰ বুকুত
তুমি নিৰ্ভুল ভাস্কর্য্যৰ
সনাতন শাৰদী

তোমাৰ শব্দত
টোপা টোপে
সৰিছিল নিয়ৰ...... ৷