অ' মোৰ
দিচাং মুখৰ কনেং
আজিও পাহৰিব পৰা নাই
তোৰ
প্ৰথম চাৱনিত
ওঁঠৰ ফাকেদি সৰিপৰা
সলাজ হাঁহিটো
এবাটি আপঙত আহুদি কৰি
মোৰ বুকুত বসন্তৰ ফুল ফুলালি
তোৰ অৰ্ধাবৃত্ত বুকুত
সিঁচি থৈ অহা
যৌৱনৰ সপোনবোৰ
লহপহকৈ বাঢ়িছে
মোৰ বুকুত,
তোৰ বুকুৰ জখলাইদি উঠি গৈ
চকুত চকু থৈ কথা হওঁতে
নিজকে প্ৰেমিক প্ৰেমিক লাগিছিল
সঁচাকৈয়ে
তোৰ যে সেই হাঁহিটো
মোৰ বাবে শান্তি সৰোবৰ আছিল
তই জানো পাহৰিলি ?
এবাটি আপঙত
গৰৈ মাছ পোৰা পিটিকি দিওঁতে
তোৰ আঙুলিত মৰমৰ
হুলে বিন্ধাৰ কথা,
আহিবৰ সময়ত তই দিয়া
ৰিবি গাছেং খন সাঁচি ৰাখিছো
কলিজাৰ এটা কোঠালিত .....
আজিও মনত পৰে তোলৈ
তই যে মোৰ বৰ আপোন হ'লি
অ' মোৰ দিচাংমুখৰ কনেং ৷
ঠিকনাঃ মাজুলী
দূৰভাষঃ ০৮৮০১৭৫৯১০০
দিচাং মুখৰ কনেং
আজিও পাহৰিব পৰা নাই
তোৰ
প্ৰথম চাৱনিত
ওঁঠৰ ফাকেদি সৰিপৰা
সলাজ হাঁহিটো
এবাটি আপঙত আহুদি কৰি
মোৰ বুকুত বসন্তৰ ফুল ফুলালি
তোৰ অৰ্ধাবৃত্ত বুকুত
সিঁচি থৈ অহা
যৌৱনৰ সপোনবোৰ
লহপহকৈ বাঢ়িছে
মোৰ বুকুত,
তোৰ বুকুৰ জখলাইদি উঠি গৈ
চকুত চকু থৈ কথা হওঁতে
নিজকে প্ৰেমিক প্ৰেমিক লাগিছিল
সঁচাকৈয়ে
তোৰ যে সেই হাঁহিটো
মোৰ বাবে শান্তি সৰোবৰ আছিল
তই জানো পাহৰিলি ?
এবাটি আপঙত
গৰৈ মাছ পোৰা পিটিকি দিওঁতে
তোৰ আঙুলিত মৰমৰ
হুলে বিন্ধাৰ কথা,
আহিবৰ সময়ত তই দিয়া
ৰিবি গাছেং খন সাঁচি ৰাখিছো
কলিজাৰ এটা কোঠালিত .....
আজিও মনত পৰে তোলৈ
তই যে মোৰ বৰ আপোন হ'লি
অ' মোৰ দিচাংমুখৰ কনেং ৷
ঠিকনাঃ মাজুলী
দূৰভাষঃ ০৮৮০১৭৫৯১০০








