বাৰিষাত কবিতাই বাহ সাঁজে
সেন্দূৰেৰে বোলাই সপোনৰ একা বেঁকা ভাঁজ
পথাৰতো গোপনে গজে তোমাৰ ছবি
কি কৰিবা!
নিদাৰুণ হৃদয়ে যে একো নামানে…
কৃষ্ণচূড়াৰ ডালত হৃদয় খনে
হত্যা কৰিব বিচাৰে নিজকে !
কিন্তু নোৱাৰে জানা
দুচকুত আকৌ সপোনে আগচে,
মূৰত চাকনৈয়াই বৰকৈ চেপি ধৰে
আহ্.....
বেদনা মাথো বেদনা !
আঁতৰি যাবি হৃদয়
আঁতৰি যাবি… প্লিজ
অ' তোমাকলৈ শব্দত ৰং নিদিও
মৌন আবেলিক আঘাত নকৰো দিয়া
কিন্তু প্ৰতিশ্ৰুতিবোৰৰ
কিমান দিনৰ আয়ুস
সেইয়া নাজানো
কি কৰিবা হৃদয় যে নিদাৰুণ ৷
ঠিকনাঃ লখিমপুৰ বালিকা মহাবিদ্যালয়,
প্ৰথম ষান্মাসিক, প্ৰাণী বিজ্ঞান বিভাগ
সেন্দূৰেৰে বোলাই সপোনৰ একা বেঁকা ভাঁজ
পথাৰতো গোপনে গজে তোমাৰ ছবি
কি কৰিবা!
নিদাৰুণ হৃদয়ে যে একো নামানে…
কৃষ্ণচূড়াৰ ডালত হৃদয় খনে
হত্যা কৰিব বিচাৰে নিজকে !
কিন্তু নোৱাৰে জানা
দুচকুত আকৌ সপোনে আগচে,
মূৰত চাকনৈয়াই বৰকৈ চেপি ধৰে
আহ্.....
বেদনা মাথো বেদনা !
আঁতৰি যাবি হৃদয়
আঁতৰি যাবি… প্লিজ
অ' তোমাকলৈ শব্দত ৰং নিদিও
মৌন আবেলিক আঘাত নকৰো দিয়া
কিন্তু প্ৰতিশ্ৰুতিবোৰৰ
সেইয়া নাজানো
কি কৰিবা হৃদয় যে নিদাৰুণ ৷
ঠিকনাঃ লখিমপুৰ বালিকা মহাবিদ্যালয়,
প্ৰথম ষান্মাসিক, প্ৰাণী বিজ্ঞান বিভাগ








