এদিন আমি
এনেকৈয়ে
অচিনাকি হৈ পৰো
বন্ধু তোমাৰ স'তে ৷
যাৰ হাতত হাত ধৰি
পাৰ কৰিছিলো
শৈশৱ, কৈশোৰ আৰু যৌৱনৰ
এটি সোণালী যুগ ৷
যাৰ লগত তিতিছিলো
বাৰিষাৰ প্ৰথমজাক প্ৰেমৰ বৰষুণত,
যাৰ স'তে হাঁহি হাঁহি পাৰ কৰিবলৈ
আপচোচ কৰা নাছিলো কোনোদিনে ৷
এতিয়া যান্ত্ৰিকতাৰ ধামধুমীয়াত পৰি
পাহৰি গৈছো সকলো ৷
যাৰ ওচৰত এদিন মই
অভিমান কৰিছিলো,
লাইব্ৰেৰিত সোমাই
আলোচনীখন প্ৰথম
মোকেই দিছিল ৷
মোক সন্তুষ্ট কৰাই যেন
সিহঁত দুজনীৰ
দৈনন্দিন কাম ৷
নহ'লে যেন সকলো আধৰুৱা হৈ পৰিছিল ৷
বৰ অচিনাকি হৈ পৰো
এতিয়া তেওঁৰ সৈ'তে
যি এদিন শিকাইছিল
ভালপোৱাৰ আদিপাঠ ৷
আজিতো তেওঁ মোৰ অচিনাকি হৈ পৰিল ৷ ঠিকনাটো জানিলেও
আজি তেওঁক মই বিচাৰি
যাব নোৱাৰো ৷
কেৱল মইয়ে নহয় তুমিওঁতো নোৱাৰা ৷
আজিতো তোমালৈ
লিখো বুলিয়েই লিখিব
নোৱাৰো পৃষ্ঠা ভৰাই
এখন প্ৰেমৰ চিঠি ৷
তুমি যে অচিনাকি
হৈ পৰিলা মোৰ বাবে ৷
কেৱল মইয়ে নহয়
সকলোৱেইতো
অচিনাকি হৈ পৰিছে
এবাৰলৈ হ'লেও তেওঁৰ স'তে ৷
যাৰ আগত খুলি দিছিলো
আমাৰ সকলো গোপনীয়তা ৷
যাৰ ঢৌ খেলা মেঘালী
চুলিত এদিন হেৰুৱাইছিলো নিজক ৷
যাৰ দুচকুত ৰঁচিব বিচাৰিছিলো
এখন সপোনৰ ঘৰ,
এনেকৈয়ে আমি অচিনাকি হৈ পৰো তেওঁৰ সৈ'তে
যি এদিন আমাৰ অতিকে আপোন আছিল ৷
যাৰ সৈ'তে পাৰ কৰিছিলো
এটি সোণালী অতীত ৷
অচিনাকি হৈ পৰো
বন্ধু তোমাৰ স'তে ৷
যাৰ হাতত হাত ধৰি
পাৰ কৰিছিলো
শৈশৱ, কৈশোৰ আৰু যৌৱনৰ
এটি সোণালী যুগ ৷
যাৰ লগত তিতিছিলো
বাৰিষাৰ প্ৰথমজাক প্ৰেমৰ বৰষুণত,
যাৰ স'তে হাঁহি হাঁহি পাৰ কৰিবলৈ
আপচোচ কৰা নাছিলো কোনোদিনে ৷
এতিয়া যান্ত্ৰিকতাৰ ধামধুমীয়াত পৰি
পাহৰি গৈছো সকলো ৷
যাৰ ওচৰত এদিন মই
অভিমান কৰিছিলো,
লাইব্ৰেৰিত সোমাই
আলোচনীখন প্ৰথম
মোকেই দিছিল ৷
মোক সন্তুষ্ট কৰাই যেন
সিহঁত দুজনীৰ
দৈনন্দিন কাম ৷
নহ'লে যেন সকলো আধৰুৱা হৈ পৰিছিল ৷
বৰ অচিনাকি হৈ পৰো
এতিয়া তেওঁৰ সৈ'তে
যি এদিন শিকাইছিল
ভালপোৱাৰ আদিপাঠ ৷
আজিতো তেওঁ মোৰ অচিনাকি হৈ পৰিল ৷ ঠিকনাটো জানিলেও
আজি তেওঁক মই বিচাৰি
যাব নোৱাৰো ৷
কেৱল মইয়ে নহয় তুমিওঁতো নোৱাৰা ৷
আজিতো তোমালৈ
লিখো বুলিয়েই লিখিব
নোৱাৰো পৃষ্ঠা ভৰাই
এখন প্ৰেমৰ চিঠি ৷
তুমি যে অচিনাকি
হৈ পৰিলা মোৰ বাবে ৷
কেৱল মইয়ে নহয়
সকলোৱেইতো
অচিনাকি হৈ পৰিছে
এবাৰলৈ হ'লেও তেওঁৰ স'তে ৷
যাৰ আগত খুলি দিছিলো
আমাৰ সকলো গোপনীয়তা ৷
যাৰ ঢৌ খেলা মেঘালী
চুলিত এদিন হেৰুৱাইছিলো নিজক ৷
যাৰ দুচকুত ৰঁচিব বিচাৰিছিলো
এখন সপোনৰ ঘৰ,
এনেকৈয়ে আমি অচিনাকি হৈ পৰো তেওঁৰ সৈ'তে
যি এদিন আমাৰ অতিকে আপোন আছিল ৷
যাৰ সৈ'তে পাৰ কৰিছিলো
এটি সোণালী অতীত ৷








