মনটো আকৌ প্ৰেমিক হৈ পৰিল
হঠাতে
তেতিয়া মাজৰাতি মোৰ পদূলিৰ কৰৱীজোপাত বজ্ৰপাত পৰিছিল ৷
দূৰৈৰ শ্মশানত চিঞৰিছিল এটা আৰ্তনাদে ৷
মছজিদত বাজি উঠিছিল মন্দিৰৰ ঘণ্টা ।
মোৰ ৰঙা কলমটোৱে চিৎকাৰ কৰি উঠিছিল,
আঙুলি তিনিটাই বন্দী কৰি ৰাখিছিল তাক ।
বৰষুণে বুৰাইছিল
মোৰ জিকাফুলীয়া টঙিঘৰ ৷
বৰষুণবোৰ দেখোন উলংগ !!
যেন আফ্ৰিকাৰ নিস্তেজ কন কন শিশু ....
যেন অলপতে ধৰ্ষিতা হোৱা বিবস্ত্ৰা নাৰীৰ বুকুৰ দাবানল ;
পুৰি যোৱা সতীত্ব;
দগমগাই থকা কলিজাৰ
আধাকেঁচা তেজৰ জুই ....
আজি শেষ প্ৰহৰত মোৰ প্ৰেম
নাগা চাকিৰ অক্ষম শিশুবোৰলৈ
প্ৰেয়সীৰ প্ৰেম, নিলাজ চুমা,
চেমায়ুংদং আৰু চাইবেৰিয়াৰ ৰজনীগন্ধা
.
আজি প্ৰেম বোৰ পকিছে
বজ্ৰপাতে শেতা কৰা কৰৱী জোপাত,
শ্মশানৰ আত্মাৰ বিভৎস গানবোৰত;
মছজিদত, মন্দিৰত
আৰু মোৰ আঙুলিকেইটাত
প্ৰেমবোৰ পকিছে; ৰঙা হৈছে
ৰঙা ৰঙা জুই
মোৰ হিয়াৰ গাগৰিত জুইৰ প্ৰেম ৷
ঠিকনাঃ ডি কে ডি কলেজ, দেৰগাঁও
হঠাতে
তেতিয়া মাজৰাতি মোৰ পদূলিৰ কৰৱীজোপাত বজ্ৰপাত পৰিছিল ৷
দূৰৈৰ শ্মশানত চিঞৰিছিল এটা আৰ্তনাদে ৷
মছজিদত বাজি উঠিছিল মন্দিৰৰ ঘণ্টা ।
মোৰ ৰঙা কলমটোৱে চিৎকাৰ কৰি উঠিছিল,
আঙুলি তিনিটাই বন্দী কৰি ৰাখিছিল তাক ।
বৰষুণে বুৰাইছিল
মোৰ জিকাফুলীয়া টঙিঘৰ ৷
বৰষুণবোৰ দেখোন উলংগ !!
যেন আফ্ৰিকাৰ নিস্তেজ কন কন শিশু ....
যেন অলপতে ধৰ্ষিতা হোৱা বিবস্ত্ৰা নাৰীৰ বুকুৰ দাবানল ;
পুৰি যোৱা সতীত্ব;
দগমগাই থকা কলিজাৰ
আধাকেঁচা তেজৰ জুই ....
আজি শেষ প্ৰহৰত মোৰ প্ৰেম
নাগা চাকিৰ অক্ষম শিশুবোৰলৈ
প্ৰেয়সীৰ প্ৰেম, নিলাজ চুমা,
চেমায়ুংদং আৰু চাইবেৰিয়াৰ ৰজনীগন্ধা
.
আজি প্ৰেম বোৰ পকিছে
বজ্ৰপাতে শেতা কৰা কৰৱী জোপাত,
শ্মশানৰ আত্মাৰ বিভৎস গানবোৰত;
মছজিদত, মন্দিৰত
আৰু মোৰ আঙুলিকেইটাত
প্ৰেমবোৰ পকিছে; ৰঙা হৈছে
ৰঙা ৰঙা জুই
মোৰ হিয়াৰ গাগৰিত জুইৰ প্ৰেম ৷
ঠিকনাঃ ডি কে ডি কলেজ, দেৰগাঁও








