এতিয়া জেঠৰ নঙঠা সূৰুযৰ
উত্তাপ
নাচনী লাহি ওঁঠত
সুৰৰ ঝংকাৰ তোলা লাহৰী গগণা
নিতাল নিমাত ৷
ৰঙা আঁচুৰে
বৰধন কলিয়ালৈ বৰ বিহুৱান বোৱা
শিপিনীহঁতৰ তাঁতশালত
মাকোৱে এতিয়া খিট্ খিট্ নকৰে
গৰকাতো গচক নপৰে
দোৰপতিয়ে তাঁৰ নামাৰে
এতিয়া সপোন ভগাৰ সময়
কপালৰ ঘাম মাটিত পেলোৱা সময়
এতিয়া মাথো
বৰলুইতৰ পাৰৰ চপৰা
খহোৱাৰ সময় ৷
ঠিকনাঃ কাজিৰঙা
নাচনী লাহি ওঁঠত
সুৰৰ ঝংকাৰ তোলা লাহৰী গগণা
নিতাল নিমাত ৷
ৰঙা আঁচুৰে
বৰধন কলিয়ালৈ বৰ বিহুৱান বোৱা
শিপিনীহঁতৰ তাঁতশালত
মাকোৱে এতিয়া খিট্ খিট্ নকৰে
গৰকাতো গচক নপৰে
দোৰপতিয়ে তাঁৰ নামাৰে
এতিয়া সপোন ভগাৰ সময়
কপালৰ ঘাম মাটিত পেলোৱা সময়
এতিয়া মাথো
বৰলুইতৰ পাৰৰ চপৰা
খহোৱাৰ সময় ৷
ঠিকনাঃ কাজিৰঙা







