নিৰামিষ ৰেচিপি
তিতা কেৰেলা খাই বহুতেই বেয়া পায় কিন্তু পুৰ বনালে তিতাৰ পৰিমাণ যথেষ্ট পৰিমানে কমি
যায় আৰু খাবলৈও ভাল হয় । তিতা কেৰেলাৰ পুৰ বনাবলৈ-
আৱশ্যকীয়
সামগ্ৰীসমূহঃ
১) তিতা কেৰেলা ৩ টা
২) পিঁয়াজ ২ টা (মধ্যম আকাৰৰ)
৩) কেঁচা
জলকীয়া ২ টামান (ইচ্ছা অনুযায়ী কম- বেছি কৰিব পাৰে)
৪) ধনীয়া গুড়ি আধা
চামুচ
৫) হালধী গুড়ি আধা চামুচ
৬) জিৰা গুৰি আধা চামুচ
৭) আমচুৰ পাউডাৰ
অথবা কেঁচা আমৰ বটা ১ চামুচ
৮) জলকীয়া গুৰি (ঐচ্ছিক)
৯) নিমখ সোৱাদ
অনুসাৰে
ৰন্ধন প্ৰণালীঃ
প্ৰথমে কেৰেলা কেইটা ধুই ওপৰৰ বাকলিখিনি চুচি
পৰিস্কাৰ কৰি লওঁক ৷ কেৰেলা কেইটাৰ সোমাজেৰে দীঘলীয়াকৈ ফালি (দুফাল কৰি নেপেলাব)
ভিতৰৰ গুটিবোৰ আঁতৰাই লওঁক ৷ ইয়াৰ পিছত পিঁয়াজ জলকীয়াৰে সৈ'তে সকলো মছলা আৰু
কেৰেলাৰ ভিতৰৰ গুটি একেলগে ভালদৰে ভাজি লওঁক আৰু ভাজি হোৱাৰ পিছত সামগ্ৰী খিনিৰ
কেৰেলাৰ ভিতৰত ভৰাই এডাল সূতাৰে কেৰেলা কেইটা বান্ধি লওঁক । ইয়াৰ পিছত পুৰ দিয়া
কেৰেলা কেইটা তেলত ভালদৰে ফ্ৰাইকৰি গৰম ভাতৰ সৈ'তে পৰিৱেশন কৰক ৷








