উপকৰণঃ
পণীৰ ১৫০ গ্ৰাম টুকুৰা কৰি লোৱা । পিয়াঁজ দুটা কুটি লোৱা । আদা- নহৰু
পেষ্ট ডাঙৰ এচামুচ ।ডাঙৰ বিলাহী এটা কাটি লোৱা । কাজু ৮- ১০ টা সৰু কৈ কাটি লোৱা ।
গোটা জিৰা আৰু ধনীয়া ১ চাহ চামুচকৈ । গৰম মছলা ১ চাহ চামুচ । কচুৰি মেথি ২ টেবুল
চামুচ । ফ্ৰেচ ক্ৰীম ২ টেবুল চামুচ ।কেঁচা জলকীয়া এটা বা দুটা কুটি লোৱা । কাশ্মিৰী
ৰেড চিলি ১ চাহ চামুচ । পণীৰ মছলা ১ চাহ চামুচ ৷ নিমখ, হালধি, চেনি, বাটাৰ আৰু
ৰিফাইন আন্দাজ মতে ।
প্ৰণালীঃ
কেৰাহিত পৰিমাণ মতে তেল গৰম কৰি গোটা জিৰা
আৰু ধনীয়া দিব । ফুটিব ধৰিলে পিয়াঁজদি ভাজিব । ৰঙচুৱা হ'লে আদা নহৰুৰ পেষ্ট আৰু
কেঁচা জলকীয়া দিব । কাজু আৰু হালধি মিলাব । আটাইবোৰ ভজা ভজা হ'লে বিলাহী দিব ।
বিলাহী কোমল হ'লে নমাই অলপ ঠাণ্ডা কৰি সামান্য পানী মিহলাই মিক্সিত মিহি পেষ্ট কৰি
ল'ব । পুনৰ এটা কেৰাহিত বাটাৰ গৰম কৰক আৰু কচুৰি মেথি আৰু কাশ্মিৰী ৰেড চিলি দি ১-
২ মিনিট ভাজি পেষ্ট কৰি থোৱা মছলা আৰু বিলাহীদি দিব । নিমখ আৰু পণীৰ মছলা দিব ।
ক্ৰীম দিব আৰু ভালকৈ মিলাই পণীৰৰ টুকুৰা (মই ভজা নাই ,ভাজি ল'ব পাৰে) বোৰ দিউতলিব
দিব । উতল আহিলেই সামান্য চেনি আৰু গৰম মছলা ৷ ২- ৩ মিনিটৰ পাছত পণীৰ টুকুৰা সিজি
উঠিলে নমাই ৰুটি, নান, জিৰা ৰাইচ বা প্লেইন পোলাওৰ সৈতে পৰিৱেশন কৰক ।








