মাৰ ডায়েৰি- ৩ (সৌৰভ জ্যোতি বৰ্মন)


[ডায়েৰি]

ৰূপম এতিয়া তৃতীয় পৃষ্ঠাটো পঢ়াত ব্যস্ত । তৃতীয় পৃষ্ঠাটো ৰঙা চিয়াহিৰে লিখা, ৰঙা চিয়াহিৰে লিখা কাৰণটো অৱশ্যে মাকে উল্লেখো কৰিছে- কলমটো জানো ক'লৈ গ'ল আজি... ৰূপমেই চাগে কৰবাত হেৰাইছে... ৰূপমৰ পিতাকৰ চোলাৰ জেপত হাত ফুৰাওঁতে এই ৰঙা চিয়াহিৰ কলমটোহে পালো । আজি এইটোৰেই কাম চলাম ৷

প্ৰতিদিনেই ভাবো আজিৰ দিনটোত কিবা স্মৰণীয় ঘটনা ঘটিব আৰু মই মোৰ ডায়েৰিৰ পাতত তাক লিপিবদ্ধ কৰিম । কিন্তু, আজিওঁ বিশেষ নতুনত্ব নাই, সেই একেই সোপা কাম... আজি অৱশ্যে ৰূপমৰ পিতাকৰ লগত অলপ বাক- বিতণ্ডা হ'ল । শাহু আইও অলপ বলকিছে- "বৰ বেছিকৈ মুখ চলা হৈছে চোন তোৰ..." 
সদায় সদায় এই ঘৰৰ চাৰিবেৰৰ মাজত থাকি আমনি লগা হৈছে আৰু মনৰ ভিতৰত গুজৰি- গুমৰি থকা কথাবোৰ ক'ব বিচাৰিলেওঁ কওঁয়েইবা কাক । ঘৰখনত না কথা পাতিব পৰা কোনোবা আছে, না কথা শুনোতা কোনোবা আছে । ৰূপমৰ পিতাকটো ন বজাৰ লগে লগেই চাইকেলখন লৈ ওলাই যায় অফিচলৈ বুলি । শাহু আই... তেখেতৰটো গোটেই দিনটো ভগৱানৰ নাম জপতেই যায় । আৰু বাকী থাকিল ৰূপম, সি নো মোৰ মনৰ কথা কেনেকৈ বুজিব ।
সন্ধিয়া যেতিয়া ৰূপমৰ পিতাক ঘৰলৈ ওভতে কথা পতাৰ সকাহ নো ক'ত থাকে, চাহ পিয়লা খাই পুনৰ ওলাই যায় । নহ'লে যে শৰ্মাৰ দোকানত তেখেতৰ বন্ধুবৰ্গই বোন্দাপৰ দি থাকিব, তেখেতৰ লগত দেশ দুনীয়াৰ কথা নাপাতিলে হেনো দুজনমানৰ পেটলৈ ভাতেই নাযায় । বন্ধুৰ লগত কথা পাতিলেটো তেখেতৰ মুখ বন্ধ হোৱাৰ নাম নলয় আৰু মই কিবা ক'লে কেৱল হুম... হা.. ৰেই কাম চলায় । নাজানো, মোৰ কথা বিলাক গুৰুত্ব সহকাৰে শুনেই নে নুশুনে । কেতিয়াবা কেতিয়াবাটো দাপোনত নিজৰ প্ৰতিবিম্বৰ লগতেই কথা পাতি সান্তনা লওঁ । বহুকেইবাৰ ভাবিছিলো- দ্বাদশ শ্ৰেণীৰ পিছৰ আনুষ্ঠানিক শিক্ষাখিনিকেই সম্পূৰ্ণ কৰি লওঁ... অন্ততঃ মোৰ নিসংগতা খিনি দূৰ হ'ব । সন্মুখত যদি কিবা এটা ডাঙৰ লক্ষ্য থাকে তেতিয়া, নিসংগতা খিনিওঁ নিসংগতা যেন নালাগে । ৰূপমৰ পিতাকটো মান্তিওঁ হৈছিল... কিন্তু, শাহু আইহে বাধা দিছিল । পিছত, মোৰো এনেকুৱা লাগিছিল শাহু আইটো ঠিকেই কৰিছে... এতিয়াটো ৰূপমৰ হে পঢ়াৰ বয়স, আৰু তাক পঢ়োৱা দায়িত্বওঁটো মোৰেই । হয়টো সেইখিনি সময়ত যদি মোৰ চিন্তাখিনিত হাত উজান দিয়া মানুহ কোনোবা থাকিলেহেঁতেন, তেন্তে মোৰ সিদ্ধান্ত সলনি নহ'লহেঁতেন । কিন্তু, কোনো নাছিল বাবেই চিন্তাখিনি মগজুত সোমাইছিল হে, লগে- লগে আঁতৰিছিল ও ।

এই ঘটনাটোৰ পিছতেই ৰূপমৰ দেউতাকে মোক ডায়েৰিটো দিছিল আৰু কৈছিল- "মোক ক'বলগীয়া কথাবিলাক তুমি ইয়াতেই লিখি ৰাখিবা, তেতিয়া হয়টো তুমি আৰু আক্ষেপ নকৰা মই সময় দিব নোৱাৰাৰ বাবে ।" তেখেতৰ কথাখিনি ঠিকেই আছিল... কিন্তু, এই ডায়েৰিটোৱেওঁ কেৱল কথাবোৰ বুকুত সাঁচি হে থয়... একো প্ৰত্যুত্তৰটো দিব নোৱাৰে । ভাবিছো ডায়েৰিটো লিখা সম্পূৰ্ণ হ'লে ৰূপমৰ দেউতাকক দি দিম, যিবিলাক কথা মুখামুখিকৈ পাতিব নোৱাৰো, সেইবিলাক কথা এইটোৰ জৰিয়তেই জনাম ।
নিশা বহুত হৈছে আৰু আনদিনাৰ দৰে আজিও বিদ্যুত সংযোগ ব্যাহত হৈ আছে... লেম্পটোৰ পোহৰো লাহে- লাহে কমি আহিছে ।
ৰূপম ডায়িনিঙৰ চকীখনতে আউজি পৰিছে... মাকৰ ডায়েৰিটোৰ আৰু এটা পৃষ্ঠা শেষ কৰিছে সি... যিটোৱে কৈ গৈছে তাক মাকে কাহানিও নকোৱা কিছুমান ধূসৰ অতীত । (আগলৈ)