তিল আৰু জালুকৰ সৈ'তে তেলবিহীন কুকুৰাৰ মাংস (দময়ন্তী নাথ)


আমিষ ৰেচিপি

এটা অতি সহজ, সু- স্বাদু আৰু স্বাস্থ্যকৰ ৰেচিপি ৷ প্ৰয়োজনীয় সামগ্ৰীৰ ফালৰ পৰাও এই ৰেচিপিটো তেনেই কম সংখ্যক উপাদানেৰে ৰান্ধিব পৰা হয় ৷

আৱশ্যকীয় সামগ্ৰীসমূহঃ
১) কুকুৰাৰ মাংস (ব্ৰইলাৰ) ২০০ গ্ৰাম,
২) তিল (শুকানে ভাজি গুৰি কৰি লোৱা) ২ টেবুল চামুচ
৩) জালুকৰ গুৰি ১ চামুচ (আন্দাজ অনুসৰি)
৪) নহৰু আৰু আদা বটা ১ টেবুল
৫) জলকীয়া ২ টা
৬) নিমখ সোৱাদ অনুসাৰে
ৰন্ধন প্ৰণালীঃ
এখন কেৰাহীত গোটেই সামগ্ৰীখিনি একেলগে মিলাই আধা ঘণ্টামান থৈ দিব । তাৰ পিছত কেৰাহীখন গেছত উঠাই কম জুইত ঢাকনী লগাই সিজিবলৈ দিব । ঢাকনী লগাই কম জুইত সিজালে মাংসৰ পৰা পানী ওলাব গতিকে অতিৰিক্ত ভাৱে পানী যোগ কৰিব নালাগে । মাংসৰ পানী শুকাই যেতিয়া মাংসৰ পৰা তেল বিৰিঙিবলৈ ধৰিব তেতিয়া সেই তেলত মাংসখিনি অলপ সময় ভাজি নমাই থব । গৰমে গৰমে পৰিৱেশন কৰিব পাৰে ৷ ঠাণ্ডা হ'লে ইয়াৰ এটা সুকীয়া সোৱাদ পাব ৷ গোন্ধটোও খুবেই আকৰ্ষণীয় হয় ৷