ৰন্ধন (ৰঞ্জনা নাথ)


 সহজ লভ্য দৈৰে প্ৰস্তুত এবিধ পানীয়ৰে গৰমত দেহা শাঁত পেলাওঁ আহক ।

লচ্চি

উপকৰণঃ

দৈ আধা কেজি
আধা গিলাচ পানী
সামান্য নিমখ
চেনি নিজৰ সোৱাদ অনুসৰি
সকলোখিনি সামগ্ৰী মিক্ৰিত একেলগে ফেটিলেই প্ৰস্তুত হৈ গ'ল লচ্চি ৷


ফিৰণি

উপকৰণঃ
চাউল এক পূৱা
গাখীৰ আধা লিটাৰ
চেনী নিজৰ সোৱাদ অনুসৰি
মিল্ক মেইড অলপ আৰু সজাবৰ বাবে কাজু কিচমিচ


প্ৰণালীঃ

চাউলখিনি তিয়াই কোমলাই মাক্ৰিত অলপ গুৰি কৰি লওঁক । আনফালে এটা পাত্ৰত গাখীৰ গৰম কৰি তাতে পিচা চাউল খিনি দি জুই সামান্য কমাই লৰাই থাকক । চাউলে গাখীৰৰ সৈ'তে মিলি যেতিয়া ফুলি সিজি উঠিব তেতিয়াই চেনী আৰু মিল্ক মেইড দি ভালকৈ সকলোখিনি মিহলাই জুইৰ পৰা নমাই মাটিৰ পাত্ৰত দি ওপৰত ড্ৰাই ফ্ৰুটেৰে সজাই ফ্ৰিজত কিছু সময় ঠাণ্ডা কৰি পৰিৱেশ কৰক ।