আহ, মোৰ পিছে পিছে আহ
ভয় নকৰিবি,
মই আছো নহয় তহঁতৰ বাবে
মই থকালৈ কিহৰ ভয়
প্ৰয়োজন হ'লে মইয়েই বুকু পাতি ল'ম
এ. কে. ৪৭ ৰ ৪০ জাই গুলী ৷
ৰাতি পুৱা খবৰৰ কাগজত চকু ফুৰাই
বুকু খুন চিৰিংকৈ মাৰিছিল,
পতাকাৰ তলত পৰি থকা স্কুলীয়া
ছাত্ৰ- ছাত্ৰীৰ সৰু সৰু আঙুলিবোৰ দেখি
যি কেইটা আঙুলিৰে কলম ধৰিবলৈ
শিকিছিল হে মাথোঁ ৷
মুখেৰে ওলাই আহিব বিচৰা কলিজাটো
হেঁচি- ঠেলি সোমাই থৈছিলোঁ আগৰ ঠাইত ৷
ৰজা সকলটো মতলীয়া মদিৰা আৰু
সুন্দৰী নাৰীৰ কেঁচা মঙহৰ ৰাগীত ৷
বিপাশা, কেটৰিণা অথবা চানী লিয়নীৰ
কোলাত উদযাপন ক'তো দিবাৰাত্ৰ ৷
হুমুনিয়াবোৰ বিলাসী গাড়ী
অথবা দামী হোটেলৰ
বেডৰুমৰ চেৰ্ণ্ট্ৰেল এ/চিৰ ভিতৰতেই আৱদ্ধ হৈ ৰ'য় ৷
বুভুক্ষ খেতিয়কৰ কোলাহল,
পিৰিত জনতাৰ আৰ্তনাদ,
অস্তিত্বহীন জাতিয়তাবাদৰ শ্লোগান
এটা মাথোঁ মিউট বুটামতেই শ্বাসৰুদ্ধ হয় ৷
আৰু কিমান বাৰ দিব লাগিব আমাৰ
অস্তিত্ব প্ৰমাণৰ পৰীক্ষা...
নিজৰেই ইষ্ট- কুটুম্বৰ তেজেৰে।ট ৷
এয়া জানো কুৰুক্ষেত্ৰৰে আখৰা নহয় ?
মই গাণ্ডীৱধাৰী অৰ্জুন নহ'লেও
সিহঁতটো মোৰেই সহোদৰ ৷
শাসনৰ নামত যে তুমিয়েই খণ্ডিত কৰিছিলা
নিজ মাতৃক সাতোতা খণ্ডত ৷
এতিয়াও মোৰ দুচকুত ভাঁহে
এটা অস্তিত্বহীন স্বাধীনতাৰ সপোন ৷
যিহেতু স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ ৷
মোৰ হৃদয় খন এটি শীল
সুখ- দুখৰ লেখ মানো নাই স্থিতি ৷
কেমোফ্লাচ জেকেটৰ তলত কঢ়িয়াই ফুৰিছো
এটা মৃত শৰীৰ ৷
তই নেকান্দিবি আই
এতিয়াও লাগি আছে মোৰ নাকত
মাটি আৰু খেতিয়কৰ ঘাঁমৰ সুবাস ৷
খুদ চাউলৰ বলত আজিও মই
বীৰৰ দৰে তেজাল ৷
চিন্তা নকৰিবি তই
অস্ত্ৰ সম্বৰণৰ নাটক নকৰোঁ মই ৷
প্ৰয়োজন হ'লে ভীষ্মৰ দৰে
শৰশয্যাকেই
আলিংগন কৰিম হাঁহি মুখে ৷
সোণাৰু ফুলিলে তোলৈ মনত পৰে অ'
সন্ধ্যাতৰা...
মোৰ মৃত্যুৰ দিনা কবৰ নিদিবা,
শ্মশানত জ্জ্বলাই নিদিবা ৷
মোক পৰি থাকিব দিবা আইৰ কোলাত
কাউৰী, শগুনক খাব দিবা মোৰ মৃতদেহ,
যিহেতু মৃতদেহৰ জেল নহয়
অথবা শাস্তি ৷
এতিয়া যে মোৰ হাতৰ মুঠিত
এটা বিৱৰ্ণ সূৰুয,
স্তিমিত অথবা মৃত ৷
ঠিকনাঃ সৰভোগ
দূৰভাষঃ ৯৫০৮১৩০৪৪৪







