[লিমাৰিক]
(১)
সিংহৰ দৰে গৰ্জি আছিল শতৰুক নিদিলে লাই
এতিয়া হ'ল ভগা ৰজা বাঢ়নীৰ আগতে যায় ৷
সাজিলে দলং নাপালে চাব
চেলা চামুণ্ডাক নিদিলে যাব,
ইয়াকে কয় বোলে "হিষ্ট্ৰী ৰিপিটচ ইট চেল্ফ" হায় !
(২)
লিমাৰিক বোৰ হেনো কবিতাৰ সতিনী কাম
নোহোৱাৰ সোণাৰীৰ এইবোৰ লিখনি ।
সতিয়া পোৰ কাম
বজাৰত নাই দাম,
জ্ঞানী লোকে বোলে এইবোৰ শব্দৰ জমনি ৷
(৩)
কলঙত কাঠৰ দলং কৰে ঢলং- পলং
সাহিত্য সভাত সাহিত্যিক নাই কি লটং- পটং ৷
পদত্যাগীৰ পয়োভৰ
শুভানুধ্যায়ীৰ নাই কদৰ,
কূটনীতিৰ প্ৰকোপত দিয়ে পলাই পত্ৰং ৷
(১)
সিংহৰ দৰে গৰ্জি আছিল শতৰুক নিদিলে লাই
এতিয়া হ'ল ভগা ৰজা বাঢ়নীৰ আগতে যায় ৷
সাজিলে দলং নাপালে চাব
চেলা চামুণ্ডাক নিদিলে যাব,
ইয়াকে কয় বোলে "হিষ্ট্ৰী ৰিপিটচ ইট চেল্ফ" হায় !
(২)
লিমাৰিক বোৰ হেনো কবিতাৰ সতিনী কাম
নোহোৱাৰ সোণাৰীৰ এইবোৰ লিখনি ।
সতিয়া পোৰ কাম
বজাৰত নাই দাম,
জ্ঞানী লোকে বোলে এইবোৰ শব্দৰ জমনি ৷
(৩)
কলঙত কাঠৰ দলং কৰে ঢলং- পলং
সাহিত্য সভাত সাহিত্যিক নাই কি লটং- পটং ৷
পদত্যাগীৰ পয়োভৰ
শুভানুধ্যায়ীৰ নাই কদৰ,
কূটনীতিৰ প্ৰকোপত দিয়ে পলাই পত্ৰং ৷








